:: পৰিৱেশ বিজ্ঞান::
পৰিৱেশ বিজ্ঞান ( ইংৰাজী: Environmental science ) হৈছে, ভৌতিক, জীৱবৈজ্ঞানিক আৰু তথ্য-প্ৰযুক্তিৰ সমন্বয়ত পৰিৱেশ আৰু পৰিৱেশৰ বিভিন্ন সমস্যাসমূহৰ অধ্যয়ন তথা সমাধানৰ সৈতে জড়িত বিজ্ঞানৰ এটা বহুবিভক্ত শাখা। বৰ্তমান এই শাখাই পৰিস্থিতিক তন্ত্ৰসমূহৰ সম্পৰ্কে সম্পূৰ্ণ, গুণগত আৰু বহুবিভক্ত মাৰ্গ প্ৰদৰ্শন কৰে।[1]
পৰিৱেশ বিজ্ঞানৰ সৈতে সম্পৰ্কৃত ক্ষেত্ৰবোৰ হৈছে- পৰিৱেশ অধ্যয়ন আৰু পৰিস্থিতিক অভিযান্ত্ৰিকী। পৰিৱেশ অধ্যয়নে বিশেষকৈ পৰিৱেশৰ সৈতে মানুহৰ সম্পৰ্ক, জ্ঞান আৰু নীতিসমূহৰ অধ্যয়ন কৰে আৰু পৰিস্থিতিক অভিযান্ত্ৰিকীয়ে প্ৰতিটো দিশতে পৰিৱেশৰ গুণগত উৎকৰ্ষ সাধনৰ বাবে আৰ্হি আৰু প্ৰযুক্তি সম্পৰ্কত মনোনিৱেশ কৰে। পৰিৱেশ বিজ্ঞানী সকলে ভূ-প্ৰক্ৰিয়া, বিকল্প শক্তিৰ সন্ধান, প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা, আৰু গোলকীয় জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ, ভৌতিক, ৰাসায়নিক আৰু জীৱবৈজ্ঞানিক প্ৰক্ৰিয়াসমূহৰ পাৰস্পৰিক ক্ৰিয়া আদি বিষয়সমূহ অধ্যয়ন কৰে।
নামাকৰণ:
সাধাৰণতে পৰিৱেশ বিজ্ঞান আৰু পৰিস্থিতিবিদ্যা এটাক আনটোৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা হয়, কিন্তু কৌশলগতভাৱে পৰিৱেশবিদ্যাই কেৱল জীৱ আৰু জীৱসমূহৰ পাৰস্পৰিক ক্ৰিয়া আৰু পৰিৱেশৰ সৈতে থকা সমন্ধৰ আধ্যয়নকহে সূচায। পৰিস্থিতিবিদ্যাক পৰিৱেশ বিজ্ঞানৰ এটা উপবিভাগ হিচাপে বিবেচনা কৰিব পাৰি।
উপাদান:
পৰিৱেশ অধ্যয়ন
পৰিৱেশ অধ্যয়ন ( ইংৰাজী: Environmental studies ) হৈছে বিভিন্ন জটিল সমস্যা সমাধানৰ অৰ্থে পৰিৱেশ আৰু মানুহৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াসমূহৰ অধ্যয়ন। পৰিৱেশ অধ্যয়নত প্ৰাকৃতিক পৰিৱেশ, মানৱ সৃষ্ট পৰিৱেশ আৰু সিহঁতৰ মাজৰ সমন্ধ সম্পৰ্কেও অধ্যয়ন কৰা হয়। পৰিস্থিতিবিদ্যা (Ecology) আৰু পৰিৱেশ অধ্যয়ন (Environmental studies)ক এটাক আনটোৰ অনুৰূপ শব্দ বুলি কোৱা হয় যদিও প্ৰকৃততে পৰিস্থিতিবিদ্যা, পৰিৱেশ অধ্যয়নৰ অন্তৰ্গত এক শৃঙ্খলাবদ্ধ ভাগ। বৰ্তমান আধুনিক ধাৰণা মতে মানৱ সমাজৰ আৰ্থসামাজিক দিশটোকো পৰিৱেশ অধ্যয়নৰ লগতে সামৰি লোৱা হৈছে। আমাৰ চাৰিওপিনে থকা সকলো জৈৱ আৰু অজৈৱ সম্পদবোৰ তথা সিহঁতৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কই হ'ল পৰিৱেশ অধ্যয়ন। সেইবাবে সমাজবিজ্ঞানৰ পৰা আদি কৰি বিজ্ঞানৰ সকলোবোৰ ভাগ এই পৰিৱেশ অধ্যয়নৰ অন্তৰ্গত[1] বুলিব পাৰি।
পৰিৱেশৰ প্ৰকাৰ[উৎস সম্পাদনা]
পৰিৱেশক দুই ধৰণে অধ্যয়ন কৰিব পাৰি – প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশ। বায়ু,পানী,মাটি,অৰণ্য,বন্যপ্ৰাণী ইত্যাদিক লৈ প্ৰাকৃতিক পৰিৱেশ গঠিত। আনহাতে পৰিৱেশ ক্ৰিয়া,ঘৰ-দুৱাৰ,প্ৰযুক্তি বিদ্যা,যাতায়ত,উপযোগিতা,সংস্থাপন ইত্যাদি লৈ মানৱ সৃষ্ট পৰিৱেশ গঠিত।
পৰিৱেশৰ ভৌতিক উপাদান[উৎস সম্পাদনা]
ভৌতিক আৰু ৰাসায়নিক গঠনৰ ওপৰত ভিত্তি কৰি পৰিৱেশক চাৰিটা ভাগত ভাগ হৈছে –
- বায়ুমণ্ডল (Atmosphere)
- জলমণ্ডল (Hydrosphere)
- ভূমণ্ডল (Lithosphere)
- জীৱমণ্ডল (Biosphere)[1]
বায়ুমণ্ডল[উৎস সম্পাদনা]
পৃথিৱীৰ উপৰিভাগত থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে। এই বায়ুমণ্ডলপ্ৰাধানকৈ নাইট্ৰজেন, অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড,পানীআৰু কিছুমান নিষ্ক্ৰিয় গেছৰ দ্বাৰা গঠিত। তলত এই উপাদান সমূহৰ শতকৰা অৱস্থিতি উল্লেখ কৰা হ’ল –
| গেছ | শতাংশ |
|---|---|
| নাইট্ৰ'জেন (N2) | 78.09 |
| অক্সিজেন (O2) | 20.94 |
| কাৰ্বন ডাই অক্সাইড (CO2) | .03 |
| পানী (H2O) | 1.00 |
| নিষ্ক্ৰিয় গেছ | অতি কম পৰিমাণৰ |
বায়ুমণ্ডলক তাপৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি পুনৰ চাৰিটা স্তৰত ভাগ কৰা হৈছে –
- ট্ৰপ’স্ফিয়াৰ
- ষ্ট্ৰেট’স্ফিয়াৰ
- মেচ’স্ফিয়াৰ
- আয়ন’স্ফিয়াৰ
- ট্ৰপ’স্ফিয়াৰ
বায়ুমণ্ডলৰ ভূ-পৃষ্ঠৰ লগতে লাগি থকা স্তৰটোক ট্ৰপ’স্ফিয়াৰ (Trposphere) বোলে। বায়ুমণ্ডলৰ সকলোবোৰ পৰিৱৰ্ত্তন এই স্তৰতে সংঘটিত হয়। ই ভূ-পৃষ্ঠৰ পৰা 11 kilometres (6.8 মাইল) উচ্চতালৈ বিস্তৃত হৈ থাকে। বায়ুমণ্ডলত থকা প্ৰায় ৮০% গেছেই ট্ৰপ’স্ফিয়াৰত পোৱা যায়।
- ষ্ট্ৰেট’স্ফিয়াৰ
ট্ৰপ’স্ফিয়াৰৰ ওপৰত থকা স্থিৰ বায়ুমণ্ডলৰ স্তৰটোক ষ্ট্ৰেট’স্ফিয়াৰ (Stratosphere) বোলে আৰু এই স্তৰটো 50 kilometres (31 মাইল) উচ্চতালৈ বিস্তৃত হৈ থাকে। ট্ৰপ’স্ফিয়াৰৰ সৈতে এই স্তৰৰ ভৌতিক ধৰ্মবোৰ প্ৰায় একে। কেৱল উষ্ণতা ১০°-২০°চে: গ্ৰে: লৈ বেছি হোৱা দেখা যায়। এই স্তৰটোত থকা অজন অণুবোৰ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিক পৃথিৱীলৈ অহাত বাধা দিয়ে।
- মেচ’স্ফিয়াৰ
ষ্ট্ৰেট’স্ফিয়াৰৰ ওপৰৰ স্তৰটো মেচ’স্ফিয়াৰ (Mesosphere) আৰু ভূ-পৃষ্ঠৰ পৰা 85 kilometres (53 মাইল)লৈ ই বিস্তৃত। এই স্তৰটোত উষ্ণতাৰ পৰিমাণ আকৌ নিম্নলৈ আহে। অজনৰ গাঢ়তা এই স্তৰত কম হয়।
- আয়ন’স্ফিয়াৰ
মেচ’স্ফিয়াৰৰ ওপৰত প্ৰায় 500 kilometres (310 মাইল) উচ্চতালৈ আয়ন’স্ফিয়াৰ (Ionosphere) বা থাৰ্ম'স্ফিয়াৰ (Thermosphere) স্তৰ বিস্তৃত। আয়ন’স্ফিয়াৰ স্তৰত উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতাৰ পৰিমাণো বাঢ়ি যায়।[1]
জলমণ্ডল[উৎস সম্পাদনা]
ভূ-পৃষ্ঠৰ ওপৰত থকা সাগৰ,হ্ৰদ,নদ-নদী,অন্যান্য জলৰাশি,জলীয় বাষ্প আনকি গোটা অৱস্থাত থকা বৰফ,এই আটাইবোৰক একেলগে জলমণ্ডল বোলে। জলমণ্ডলে পৃথিৱীৰ প্ৰায় ৭০% ঠাই অধিকাৰ কৰি আছে। এই জলমণ্ডলত ঘটা যিকোনো পৰিৱৰ্তনে স্থলভাগৰ জলবায়ুৰ ওপৰতো প্ৰভাৱ পেলায়।
ভূমণ্ডল[উৎস সম্পাদনা]
পৃথিৱীৰ খোলাটোৰ গোটা,শিলাময় ভাগটোক ভূমণ্ডল বোলে।
জীৱমণ্ডল[উৎস সম্পাদনা]
ভূ-পৃষ্ঠৰ উপৰিভাগৰ যিটো স্তৰত জীৱ সমূহ বিদ্যমান তাক জীৱমণ্ডল বোলে। এই মণ্ডলটো ভূগোলকৰ ওপৰৰ এটা জৈৱিক আৱৰণ য’ত জীৱই কোনো কৃত্ৰিমতাৰ সহায় নোলোৱাকৈ জীয়াই থাকিব পাৰে। পৰিৱেশৰ বিভিন্নতাৰ বাবে এই স্তৰটোত সৰল জীৱৰপৰা জটিল জীৱলৈ নানা ধৰণৰ জীৱই বাস কৰে।[1]
পৰিৱেশ অধ্যয়নৰ গুৰুত্ব[উৎস সম্পাদনা]
প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদৰ সুসংৰক্ষণৰ বাবে পৰিৱেশ অধ্যয়ন অতি আৱশ্যকীয়। পৰিৱেশত বাস কৰা সকলো প্ৰাণী আৰু উদ্ভিদৰ জীৱন সাঙুৰ খাই থাকে। সেয়েহে পৰিৱেশ বিজ্ঞানীৰ লগতে শিক্ষাবিদ, ৰাজনীতিবিদ, সমাজসেৱক, আইনজীৱী সকলোৰে সমূহীয়া প্ৰচেষ্টাৰ দ্বাৰা পৰিৱেশক মজবুত কৰি ৰখা দৰকাৰ। তাৰবাবে আমি তলৰ বিষয় কেইটাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন।
- জনসাধাৰণৰ মাজত সজাগতা,
- শিক্ষাদানৰ বিভিন্ন স্তৰত পৰিৱেশ শিক্ষাৰ অন্তৰ্ভুক্তিকৰণ,
- স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা সজাগতা,
- আইন প্ৰণয়ন।
পৰিৱেশ তন্ত্ৰ::
পৰিৱেশ তন্ত্ৰ হ’ল পৰিৱেশ বিদ্যাৰ মৌলিক একক। এ.জি. টেন্সলে (A.G. Tansley)-ই পৰিৱেশ তন্ত্ৰ বা ইক’ছিষ্টেম (Ecosystem) শব্দটো প্ৰৱৰ্তন কৰিছিল। বাস্তৱ্যবিদ ওডামৰ (Odum, 1971) মতে "পৰিৱেশ তন্ত্ৰ হ’ল এটা নিৰ্দিষ্ট অঞ্চলৰ ভৌতিক পৰিৱেশৰ লগত আন্তঃক্ৰিয়াশীল সকলো প্ৰকাৰৰ জীৱক সাঙুৰি লোৱা (অৰ্থাৎ জৈৱ সম্প্ৰদায়) এটা সমষ্টি য’ত শক্তিৰ প্ৰৱাহে স্পষ্টভাবে ইয়াৰ খাদ্যস্তৰৰ গঠন, জৈৱবৈচিত্ৰতা আৰু পদাৰ্থৰ চক্ৰীভৱন (অৰ্থাৎ জীৱিত আৰু নিৰ্জীৱ উপাংশৰ মাজত হোৱা পদাৰ্থৰ বিনিময়) পৰিছালনা কৰে। " আকৌ বাস্তৱ্যবিদ ছাউথউইকৰ (Southwick, 1972) মতে ইক’ছিষ্টেম হ’ল এটা স্থানিক বা সাংগঠনিক একক যিয়ে জীৱ আৰু নিৰ্জীৱ উপাংশৰ মাজত আন্তঃক্ৰিয়াৰ জৰিয়তে পদাৰ্থৰ বিনিময় ঘটায়।
বিভিন্ন জনে আগবঢ়োৱা সংজ্ঞাসমূহ বিশ্লেষণ কৰি পৰিৱেশ তন্ত্ৰৰ ব্যাখ্যা এনেদৰে দিব পাৰি: যি বিশেষ পদ্ধতিত কোনো বসতি স্থানৰ জীৱগোষ্ঠীবোৰে এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিৱেশৰ কাৰকৰ লগত প্ৰতিক্ৰিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে তাকে পৰিৱেশ তন্ত্ৰ বোলে।
পৰিৱেশ তন্ত্ৰৰ বৈশিষ্ট[উৎস সম্পাদনা]
বিজ্ঞানী স্মিথে (Smith, 1966) পৰিৱেশ তন্ত্ৰৰ কেতবোৰ উমৈতীয়া বৈশিষ্ট্য উল্লেখ কৰিছিল। এইবোৰ হ’ল:
- পৰিৱেশ তন্ত্ৰ হ’ল পৰিৱেশ বিদ্যাৰ মূল সাংগঠনিক আৰু কাৰ্য্যকৰী একক।
- পৰিৱেশ তন্ত্ৰৰ গঠন ইয়াৰ জৈৱবৈচিত্ৰতাৰ লগত জড়িত। জৈৱবৈচিত্ৰতা যিমানেই চহকী পৰিৱেশ তন্ত্ৰও সিমানেই জটিল।
- পৰিৱেশ তন্ত্ৰৰ কাৰ্য তন্ত্ৰটোৰ মাজেৰে চালিত শক্তিপ্ৰৱাহ (Energy flow) আৰু পদাৰ্থৰ চক্ৰীভৱনৰ (Material cycling) লগত জড়িত।
- পৰিৱেশ তন্ত্ৰ এটা নিয়াৰিকৈ চলিবলৈ হলে কিমান পৰিমাণৰ শক্তি প্ৰয়োজন হব সেয়া নিৰ্ভৰ কৰে ইয়াৰ গঠনৰ ওপৰত। পৰিৱেশ তন্ত্ৰ যিমানেই জটিল শক্তিৰ সিমানেই কম শক্তিৰ প্ৰয়োজন হয়।
- পৰিৱেশ তন্ত্ৰ এটা পৈনত হবলৈ ই ক্ৰমে সৰল অৱস্থাৰ পৰা জটিল অৱস্থাপ্ৰাপ্ত হয়। ইয়াকে পৰিস্থিতিক অনুক্ৰমন (Ecological Succession) বোলা হয়।
- কোনো নিৰ্দিষ্ট পাৰিপাৰ্শ্বিকতা আৰু পৰিৱেশ তন্ত্ৰত শক্তিৰ স্থিৰীকৰণ (Energy Fixation) এটা নিৰ্দিষ্ট সীমাত থাকে।
- পৰিৱেশৰ কাৰকবোৰৰ তাৰতম্যতাই আবাদী বা জীৱগোষ্ঠীৰ ওপৰত এটা নিৰ্বাচিত চাপ (Selective Pressure)ৰ সৃষ্টি কৰে ফলত ইয়াত উপলব্ধ আবাদীবোৰে নিজকে অভিযোজিত কৰিব লগীয়া হয়। যিবোৰ আবাদীয়ে নিজকে অভিযোজিত কৰি লব নোৱাৰে সেইবোৰ আবাদী বিলুপ্ত হৈ যায়।
পৰিৱেশ তন্ত্ৰৰ প্ৰকাৰ[উৎস সম্পাদনা]
পৰিৱেশ তন্ত্ৰবোৰ প্ৰাকৃতিক (Natural) বা কৃত্ৰিম (Artificial), বৃহৎ (Mega) বা ক্ষুদ্ৰ (Micro), সম্পূৰ্ণ (Complete) বা অসম্পূৰ্ণ (Incomplete) ইত্যাদি বিভিন্ন প্ৰকাৰৰ হব পাৰে।
প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰ[উৎস সম্পাদনা]
যিবোৰ পৰিৱেশ তন্ত্ৰ মানুহৰ বিশেষ কোনো প্ৰত্যক্ষ প্ৰভাৱ বা নিয়ন্ত্ৰণ অবিহনে প্ৰকৃতিত স্বতঃস্ফূৰ্ত্ত ভাবে চলি থাকে সেইবোৰ পৰিৱেশ তন্ত্ৰক প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰ বোলা হয়। ইয়াক আকৌ দুটা প্ৰধান ভাগত ভগাব পাৰি যেনে, স্থলজ পৰিৱেশ তন্ত্ৰ আৰু জলজ পৰিৱেশ তন্ত্ৰ।
- স্থলজ পৰিৱেশ তন্ত্ৰ (Terrestrial Ecosystem): এইবোৰ পৰিৱেশ তন্ত্ৰ স্থলভাগত সৃষ্টি হয়। অৰণ্য (Forest), তৃণভূমি Grassland), মৰুভূমি (Desert), ইত্যাদি হ’ল স্থলজ পৰিৱেশ তন্ত্ৰৰ উদাহৰণ।
- জলজ পৰিৱেশ তন্ত্ৰ (Aquatic Ecosystem): এইবোৰ পৰিৱেশ তন্ত্ৰ জলভাগত সৃষ্টি হয়। জলজ পৰিৱেশ তন্ত্ৰক আকৌ দুই প্ৰকাৰৰ যেনে, নিৰ্মল বা অলুণীয়া পানীৰ পৰিৱেশ তন্ত্ৰ (Fresh water ecosystem) আৰু সামূদ্ৰিক পানীৰ পৰিৱেশ তন্ত্ৰ (Marine ecosystem)।
- নিৰ্মল বা অলুণীয়া পানীৰ পৰিৱেশ তন্ত্ৰ: নিৰ্মল বা অলুণীয়া পানীৰ পৰিৱেশ তন্ত্ৰ প্ৰকাৰৰ হ’ব পাৰে যেনে, গতিশীল পানীৰ পৰিৱেশ তন্ত্ৰ (Running watewr ecosystem) আৰু স্থিৰ পানীৰ পৰিৱেশ তন্ত্ৰ (Standing water ecosystem)। গতিশীল পানীৰ পৰিৱেশ তন্ত্ৰ উদাহৰণ হ’ল, নিজৰা, জান জুৰি, নদী ইত্যাদি। স্থিৰ পানীৰ পৰিৱেশ তন্ত্ৰৰ উদাহৰণ হ’ল, পুখুৰী, বিল, হ্ৰদ, জলাহ ইত্যাদি।
- সামূদ্ৰিক পৰিৱেশ তন্ত্ৰ: সাগৰীয় পানীত লৱণৰ পৰিমাণ বেছি থাকে। দ-সমূদ্ৰ, তৰাং সাগৰ, মোহনা আদিক সামূদ্ৰিক পৰিৱেশ তন্ত্ৰ বোলা হয়।
মানৱসৃষ্ট পৰিৱেশ তন্ত্ৰ[উৎস সম্পাদনা]
জীৱবোৰৰ ভিতৰত মানুহক শ্ৰেষ্ঠ জীৱ বুলি কোৱা হয়। অন্যান্য জীৱৰ দৰে মানুহো পৰিৱেশ তন্ত্ৰ (Man made ecosystem)-ৰ এটা উপাংশ। খাদ্য, বাসস্থান আৰু আৰু বিশেষকৈ সামাজিক তথা অৰ্থনৈতিক প্ৰয়োজনত মানুহে পৰিৱেশ তন্ত্ৰৰ পৰিৱৰ্তন ঘটাই নিজৰ চাহিদা পূৰণ কৰে। এনেদৰে মানুহে স্বাৰ্থজনিত কাৰণত যি পৰিৱৰ্ত্তিত পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰি লয় তাকে মানৱসৃষ্ট পৰিৱেশ তন্ত্ৰ বা কৃটিম পৰিৱেশ তন্ত্ৰ বোলা হয়। গাওঁ, নগৰ, চহৰ, উদ্যান, বাগিচা আদি হ’ল কৃটিম বা মানৱসৃষ্ট স্থলজ পৰিৱেশ তন্ত্ৰ আৰু কৃটিম বান্ধ, খাল, মাছ পোহা পুখুৰী, একুৱাৰিয়াম (Aquarium) আদি মানুহে সৃষ্টি কৰা জলজ মানৱসৃষ্ট পৰিৱেশ। ইলেনবাৰ্গৰ (Ellenberg, 1973) মতে জৈৱমণ্ডলেই হ’ল আটাইতকৈ বৃহৎ পৰিৱেশ তন্ত্ৰ। ইয়াৰ ভিতৰতে আন আন পৰিৱেশ তন্ত্ৰবোৰ সোমাই থাকে। তেওঁৰ মতে সাগৰ, হ্ৰদ, আদি হ’ল বৃহৎ পৰিৱেশ (Mega ecosystem) তন্ত্ৰ। আনহাতে পুখুৰী আদিক ক্ষুদ্ৰ পৰিৱেশ তন্ত্ৰ (Micro ecosystem) বোলা হয়। আকৌ কাঠৰ টুকুৰা, একুৰিয়াম, বাগিছা আদিক অতি ক্ষুদ্ৰ পৰিৱেশ তন্ত্ৰ (Nano ecosystem) বোলা হয়।
C. অসম্পূৰ্ণ পৰিৱেশ তন্ত্ৰ (Incomplete ecosystem): যিবোৰ পৰিৱেশ তন্ত্ৰত সকলো-বোৰ উপাদান যেনে, অজৈৱ কাৰক, উৎপাদক, উপভোক্তা, বিয়োজক আদি একে সময়তে একেলগে নেথাকে সেইবোৰ পৰিৱেশ তন্ত্ৰকে অসম্পূৰ্ণ পৰিৱেশ তন্ত্ৰ বোলা হয়। সাগৰৰ গভীৰ অন্ধকাৰ অঞ্চল (Abyssal depth of sea), গুহাৰ ভিতৰৰ পৰিৱেশ তন্ত্ৰ আদি হ’ল এই শ্ৰেণীৰ পৰিৱেশ তন্ত্ৰ। এইবোৰ পৰিৱেশ তন্ত্ৰত উপভোক্তা আৰু বিয়োজক থাকিলেও পোহৰৰ অভাৱৰ কাৰণে উৎপাদক শ্ৰেণীৰ জীৱ নেথাকে।
D. সম্পূৰ্ণ পৰিৱেশ তন্ত্ৰ (Complete ecosystem): যিবোৰ পৰিৱেশ তন্ত্ৰত পৰিৱেশ তন্ত্ৰৰ মৌলিক উপাদানবোৰ অৰ্থাৎ অজৈৱ কাৰক, উৎপাদক, উপভোক্তা, বিয়োজক আদি একেলগে একে সময়তে থাকে সেইবোৰ পৰিৱেশ তন্ত্ৰক সম্পূৰ্ণ পৰিৱেশ তন্ত্ৰ বোলা হয়। যেনে- পুখুৰী, তৃণভূমি, অৰণ্য ইত্যাদি।
পৰিৱেশ তন্ত্ৰৰ গঠন[উৎস সম্পাদনা]
ওডামৰ (1971) মতে পৰিৱেশ তন্ত্ৰ দুই ধৰণৰ উপাংশৰে গঠিত – যেনে, জৈৱিক উপাংশ (Biotic components) আৰু অজৈৱিক উপাংশ (Abiotic components)।
A. জৈৱিক উপাংশ:
পৰিৱেশত উপলব্ধ জীৱসমষ্টিক একেলগে পৰিৱেশটোৰ জৈৱিক উপাংশ বোলা হয়। পুষ্টিজনিত সম্বন্ধৰ ওপৰত নিৰ্ভৰ কৰি ইহঁতক দুটা ভাগত ভগাব পাৰি –
(i) স্বপোষী উপাদান বা উৎপাদক (Autotrophic components or producer): যিবোৰ জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লব পাৰে সেইবোৰ জীৱক স্বপোষী (Self nourishing) জীৱ বোলা হয়। সকলো প্ৰকাৰৰ সেউজীয়া উদ্ভিদ, কিছুমান সালোক সাংশ্লেষিক বেক্টেৰিয়া যেনে, নাইট্ৰ’ছ’মনাছ, এযট’বেক্টৰ, ক্ল’ছট্ৰিডিয়াম ইত্যাদিয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি আত্মীকৰণ কৰি লব পাৰে। ইহঁতে পৰিৱেশৰ পৰা কাৰ্বন-ডাই-অক্সাইড আৰু পানী শোষণ কৰি দেহত থকা পত্ৰহৰিৎৰ সহায়ত সৌৰ শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰি ইহঁতৰ বাবে প্ৰয়োজনীয় জৈৱ যৌগ প্ৰস্তুত কৰি লব পাৰে। সেউজীয়া উদ্ভিদবোৰে তৈয়াৰ কৰা খাদ্য নিজে ব্যৱহাৰ কৰাৰ উপৰিও আন সকলো জীৱৰ বাবে সঞ্চয় কৰি ৰাখে। সেয়েহে সেউজীয়া উদ্ভিদ আৰু সালোক সাংশ্লেষিক বেক্টেৰিয়া আদিক উৎপাদক জীৱ বুলি কোৱা হয়।
(ii) পৰপোষী উপাদান বা উপভোক্তা (Heterotrophic components or consumers): যিবোৰ জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লব নোৱাৰে আৰু খাদ্যৰ বাবে প্ৰত্যক্ষ নাইবা পৰোক্ষ ভাবে স্বপোষী উপাদান বাউৎপাদকৰ ওপৰত নিৰ্ভৰশীল সেইবোৰক পৰপোষী বা উপভোক্তা বোলা হয়। উপভোক্তাবোৰক আকৌ দুই প্ৰকাৰত ভগাব পাৰি যেনে, স্থূল বা বৃহৎ উপভোক্তা (Macro consumers) আৰু ক্ষুদ্ৰ উপভোক্তা বা বিয়োজক (Micro consumers or decomposers)।
a. স্থূল বা বৃহৎ উপভোক্তা (Macro consumers): স্থূল উপভোক্তাবোৰে আহাৰ গ্ৰহণ কৰি শৰীৰৰ ভিতৰতে পাচন ঘটায়। এইবোৰক আকৌ 3টা ভাগত ভগাব পাৰি। যেনে- প্ৰাথমিক উপভোক্তা (Primary consumers), দ্বিতীয় স্তৰৰ উপভোক্তা (Secondary consumers) আৰু তৃতীয় স্তৰৰ উপভোক্তা (Tertiary consumers)।
প্ৰাথমিক উপভোক্তা (Primary consumers): যিবোৰ প্ৰাণীয়ে প্ৰত্যক্ষ বাবে উৎপাদকক খাদ্য হিচাপে গ্ৰহণ কৰি জীয়াই থাকে সেইবোৰ প্ৰাণীক প্ৰাথমিক বা মুখ্য উপভোক্তা বোলে। সকলোবোৰ তৃণভোজী প্ৰাণী এই শ্ৰেণীৰ ভিতৰত পৰে। উদাহৰণ- ফৰিং, শহাপহু, হৰিণা, ছাগলী, গৰু, মহ ইত্যাদি।
দ্বিতীয় স্তৰৰ উপভোক্তা (Secondary consumers): যিবোৰ প্ৰাণীয়ে প্ৰথম স্তৰৰ উপভোক্তা বোৰক খাদ্য হিচাপে গ্ৰহণ কৰি জীয়াই থাকে সেইবোৰক দ্বিতীয় স্তৰৰ উপভোক্তা। সাধাৰণতে মাংসহাৰী প্ৰাণীবোৰ এই শ্ৰেণীৰ অন্তৰ্ভুক্ত। এইবোৰৰ কিছুমান তৃণভোজীও হব পাৰে। উদাহৰণ – ভেকুলী, সাপ, শিয়াল, কেতবোৰ মাছ চিকাৰী চৰাই ইত্যাদি।
তৃতীয় স্তৰৰ উপভোক্তা (Tertiary consumers): যিবোৰ প্ৰাণীয়ে দ্বিতীয় স্তৰৰ উপভোক্তাক খাদ্য হিচাপে গ্ৰহণ কৰে সেইবোৰক তৃতীয় স্তৰৰ উপভোক্তা বোলা হয়। এই প্ৰাণীবোৰ দ্বিতীয় স্তৰৰ মাংসভোজী নাইবা সৰ্বভক্ষীও হব পাৰে। যেনে – বাঘ, সিংহ, মানুহ ইত্যাদি।
b. ক্ষুদ্ৰ উপভোক্তা বা বিয়োজক (Micro consumers or decomposers): এই জীৱবোৰ ক্ষুদ্ৰ বা অনুজীৱ। এইবোৰে জীৱই অইন জীৱবোৰৰ মৃত্যুৰ পিছত পাচক ৰস ক্ষৰণ কৰি জীৱবোৰৰ দেহত থকা জটিল যৌগবোৰক সৰল অৱস্থালৈ ৰূপান্তৰ কৰি পাচিত পদাৰ্থবোৰ শোষণ কৰে। এইবোৱক পচনকাৰী জীৱ বুলিও কোৱা হয়। পচনকাৰী জীৱবোৰ পৰিৱেশ তন্ত্ৰৰ বাবে অতি প্ৰয়োজনীয়। এইবোৰ মাটিত থাকে আৰু মৃত সকলো ধৰণৰ বস্তুৰ পচন ঘটাই এইবিলাকত আৱদ্ধ খনিজ লৱণ পৰিৱেশত মুক্ত কৰি দি পদাৰ্থৰ চক্ৰীভৱনত সহায় কৰে। অৰ্থাৎ বিয়োজকে মুক্ত কৰা অজৈৱ পদাৰ্থবোৰ খাদ্য উৎপাদনৰ বাবে উৎপাদকে পুনৰ গ্ৰহণ কৰে। এইবোৰ প্ৰধানতঃ পৰজীৱী আৰু মৃতজীৱী। বেক্টেৰিয়া, এক্টিন’মাইছেটিছ, বিভিন্ন প্ৰকাৰৰ ভেকুঁৰ, মাটিত বাস কৰা কেতবোৰ কৃমি ইত্যাদি বোৰ ক্ষুদ্ৰ উপভোক্তা বা বিয়োজকৰ উদাহৰণ।
B. অজৈৱিক উপাংশ (Abiotic components):
পৰিৱেশৰ অজৈৱিক উপাংশবোৰ হ’ল নিৰ্জীৱ বস্তু আৰু ভৌতিক কাৰক। তলত কিছুমান অজৈৱিক উপাংশৰ বিষয়ে আলোচনা কৰা হ’ল।
1. তাপ বা উষ্ণতা (Temperature): তাপ বা উষ্ণতা হ’ল পৰিৱেশ তন্ত্ৰৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰক। বিষুবীয় অঞ্চলৰ পৰা মেৰু অঞ্চললৈ ই ক্ৰমশঃ হ্ৰাস পাই গৈ থাকে। তদুপৰি ঋতু অনুযায়ী তাপমানৰ পৰিৱৰ্তন ঘটে। গ্ৰীষ্মকালত বিষুবীয় মৰুভূমি অঞ্চলৰ উষ্ণতা 500 চেলচিয়াচতকৈও অধিক হয় আৰু মেৰু অঞ্চলত বা পৰ্বতৰ উচ্চ শিখৰৰ উষ্ণতা 00 চেলচিয়াচৰ তললৈকে নামে। বিভিন্ন জীৱৰ উষ্ণতা সহ্য কৰিব পৰা ক্ষমতা বেলেগ বেলেগ। কিছুমান জীৱৰ উষ্ণতা সহনশীলতাৰ পৰিসৰ বহল। এইবোৰ জীৱক ইউৰিথাৰ্মেল (Eurythermal) জীৱ বুলি কোৱা হয়। কিছুমান জীৱই আকৌ কম পৰিসৰৰ উষ্ণতাহে সহ্য কৰিব পাৰে। এইবোৰক ষ্টেন’থাৰ্মেল (Stenothermal) জীৱ বুলি কোৱা হয়। চৰাই আৰু স্তন্যপায়ী প্ৰাণীৰ নিজৰ শৰীৰৰ উষ্ণতা পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল নহয়। এইবোৰ প্ৰাণীয়ে নিজৰ শৰীৰৰ নিৰ্দিষ্ট এটা উষ্ণতা বজাই ৰাখে আৰু সেইবাবে ইহঁতক উষ্ণৰক্তী প্ৰাণী (Warm blooded animal) বোলা হয়। বাকীবোৰ প্ৰাণীৰ শৰীৰৰ উষ্ণতা পৰিৱেশৰ উষ্ণতাই নিয়ন্ত্ৰণ কৰে। এইবোৰ প্ৰাণীক শীতল ৰক্তী প্ৰাণী (Cold blooded animal) বোলা হয়। উষ্ণৰক্তী প্ৰাণীবোৰক হ’মিঅ’থাৰ্মিক (Homeothermic) প্ৰাণী আৰু শীতল ৰক্তী প্ৰাণীবোৰক পইকিলোথাৰ্মিক (Pokilothermic) প্ৰাণী বুলিও কোৱা হয়। প্ৰকৃততে তাপে শৰীৰৰ বিপাকীয় কাৰ্যবোৰক প্ৰভাৱান্নিত কৰে।
উষ্ণতাই বিপাকীয় কাৰ্যৰ লগত জড়িত উৎসেচকবোৰক সক্ৰিয় কৰি জৈৱিক প্ৰক্ৰিয়াসমূহ তৰান্বিত কৰে। উষ্ণতাৰ দ্বাৰা উদ্ভিদবোৰ বেছিকৈ প্ৰভাৱান্নিত হোৱা দেখা যায়। উষ্ণতাই জীৱৰ বৃদ্ধি, বিকাশ, প্ৰজনন, অংগসংস্থান আদি প্ৰায়বোৰ জৈৱিক ক্ৰিয়াতে সহায় কৰা দেখা যায়।
জীৱৰ ভৌগোলিক বিতৰণৰ ক্ষেত্ৰতো উষ্ণতাই বিশেষ ভাৱে প্ৰভাৱান্নিত কৰা দেখা য়ায়। উষ্ণৰক্তী প্ৰাণীবোৰৰ বিতৰণৰ ক্ষেত্ৰত উষ্ণতাই বিশেষ প্ৰভাৱান্নিত কৰিব নোৱাৰে। উদাহৰণ স্বৰূপে ভাৰতীয় হাতীবোৰ ঠাণ্ডা পাহাৰীয়া অঞ্চলতো থাকে আৰু গ্ৰীষ্ম অঞ্চলৰ বননি অঞ্চলতো বাস কৰে। আকৌ শীতলৰক্তী প্ৰাণীবোৰ উষ্ণতাৰ দ্বাৰা বেছিকৈ প্ৰভাৱিত হোৱা দেখা যায়। বিষুবীয় অঞ্চলত সৰীসৃপ আৰু উভচৰী প্ৰাণীবোৰৰ সংখ্যা বেছি। ক্ৰমান্বয়ে মেৰু অঞ্চলৰ পিনে ইহঁতৰ সংখ্যা সংখ্যা নিম্নগামী হোৱা পৰিলক্ষিত হয়। আকৌ ষ্টেন’থাৰ্মেল প্ৰাণীবোৰ কিছুমান বিশেষ ভৌগোলিক অঞ্চলতহে সীমিত হৈ থকা দেখা যায়।
2. পোহৰ (Light): সূৰ্য্যৰ পোহৰ হ’ল পৃথিৱীৰ সকলো জীৱৰ কাৰণে শক্তিৰ উৎস। পোহৰ অবিহনে জীৱ জীয়াই থকাটো অসম্ভৱ। উদ্ভিদে সৌৰশক্তি আহৰণ কৰি খাদ্য বস্তু প্ৰস্তুত কৰি সকলো জীৱক যোগান ধৰে। পানীৰ ওপৰতো সূৰ্য্যৰ পোহৰ পৰে আৰু ইয়াৰে 90% পোহৰ পানীৰ গভীৰতাৰ পিনে প্ৰৱেশ কৰিব পাৰে। ইয়াৰে দীঘল তৰঙ্গ দৈৰ্ঘৰ পোহৰৰ ৰশ্মিবোৰ গভীৰতাৰ পিনে প্ৰৱেশ কৰিব নোৱাৰে কিন্তু চুটি তৰঙ্গ দৈৰ্ঘৰ ৰশ্মিবোৰ গভীৰতালৈ যায়। সাগৰৰ 200 মিটাৰ গভীৰলৈকেহে প্লাৱক জীৱ দেখিবলৈ পোৱা যায় কাৰণ ইয়াতকৈ বেছি গভীৰতালৈ পোহৰ সোমাব নোৱাৰে সেয়েহে এই অঞ্চলবোৰত সালোকসংশ্লেষণকাৰী জীৱ প্ৰজাতি পোৱা নেযায়। পোহৰে জীৱৰ নানান ধৰণৰ শৰীৰ বৃত্তিয়, অংগসাংস্থনিক আৰু আচৰণৰ ওপৰত প্ৰভাৱ পেলায়। যেনে, দিপ্তীকাল অৰ্থাৎ দিনৰ দৈৰ্ঘতাই উদ্ভিদ আৰু প্ৰাণী উভয়ৰে জীৱন প্ৰক্ৰিয়াত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়। প্ৰায়ভাগ উদ্ভিদৰে প্ৰজননিক কাৰ্য, ফুল ফুলা আৰু বৃদ্ধি আদি দিপ্তীকালৰ লগত প্ৰত্যক্ষ ভাবে জড়িত। দিপ্তীকালৰ ওপৰত নিৰ্ভৰশীলতাৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদবোৰক তিনিটা ভাগত ভাগ কৰিব পাৰি যেনে, দীঘল দিনৰ উদ্ভিদ, চুটি দিনৰ উদ্ভিদ আৰু পোহৰ অপ্ৰভাৱিত উদ্ভিদ। প্ৰাণীবোৰৰো প্ৰায়ভাগ দিপ্তীকালৰ লগত জড়িত। ইয়াৰ উপৰিও পোহৰৰ প্ৰতি সঁহাৰি জনাই ফুলৰ পাহি মেল খায় আৰু পত্ৰৰন্ধ্ৰ মেল খায় তথা জাপ যায়। উদ্ভিদৰ প্ৰজনন, অংকুৰণ আৰু চলনো পোহৰে নিয়ন্ত্ৰণ কৰে। প্ৰাণীবোৰকো দিনৰ দৈৰ্ঘ্যক সঁহাৰি দি প্ৰজনন কাৰ্যত লিপ্ত হোৱা কাৰ্যৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভগোৱা হৈছে যেনে, দীঘল দিনৰ প্ৰাণী যেনে- চৰাই, চুটি দিনৰ প্ৰাণী যেনে- ভেড়া, ছাগলী, হৰিণা, আৰু অপ্ৰভাৱিত প্ৰাণী যেনে- মানুহ, গৰু, গিনি পিগ আদি। পোহৰৰ প্ৰখৰতা বিষুবীয় অঞ্চলত বেছি আৰু ক্ৰমান্বয়ে মেৰু অঞ্চলৰ পিনে কমি আহে। সাধাৰণতে বেছি সংখ্যাক প্ৰাণী বিষুবীয় আৰু গ্ৰীষ্ম অঞ্চলত পোৱা যায় কাৰণ এই অঞ্চলত পোহৰ আৰু পাণীৰ পৰ্য্যাপ্ততাই যথেষ্ট ঘাঁহ-বন আৰু গছ-গছনি সৃষ্টি হোৱাত সহায় কৰে। মেৰুৰ ফালৰ তুন্দ্ৰা অঞ্চলত পোহৰ আৰু পানীৰ প্ৰাচুৰ্য্যতা কম হোৱা হেতুকে গছ-গছনিও কম ফলত প্ৰাণীৰ বিস্তাৰনো কম। পোহৰৰ প্ৰখৰতাৰ ক্ৰমাগত বৃদ্ধিয়েও জীৱৰ শৰীৰৰ উৎসেচকবোৰৰ কাৰ্য-কুশলতা বৃদ্ধি কৰে ফলত বিপাকীয় কাৰ্যৰ গতি বিধিও বাঢ়িবলৈ ধৰে। গুহাঁত পোহৰ অবিহনে বাস কৰা প্ৰাণীবোৰৰ বিপাকীয় হাৰ অতি কম। পোহৰে উদ্ভিদৰ আকৃতিগত লক্ষণো নিয়ন্ত্ৰণ কৰে। উদ্ভিদৰ বিকাশ নিয়ন্ত্ৰণ কৰিবলৈ এলানি ক্ৰমিক জিন থাকে। এই জিনবোৰে পোহৰৰ প্ৰতি সংবেদনশীলতা দেখুৱাই উদ্ভিদৰ বিকাশ নিয়ন্ত্ৰণ কৰে। এইবোৰক পোহৰক সহাঁৰি দিয়া উপাদান (Light responsive elements or LREs) বোলা হয়। এই প্ৰক্ৰিয়াটোক দিপ্তীগঠন বিকাশ (Photomorphogenesis) বোলা হয়। দিপ্তীগঠন বিকাশ প্ৰক্ৰিয়াটো তিনিটা স্তৰত সংঘটিত হয়। প্ৰধমতে ফাইট’ক্ৰম (Phytochrome) নামৰ নীলা সেউজীয়া ৰঞ্জক পদাৰ্থই সৌৰ ৰশ্মিৰ ৰঙা ৰশ্মি শোষণ কৰে। দ্বিতীয় স্তৰত LRE জিনবোৰে পোহৰ সংকেত গ্ৰহণ কৰে। তৃতীয় স্তৰত জিনবোৰে ৰঙা ৰশ্মিৰ দ্বাৰা প্ৰণোদিত হৈ RNA আৰু প্ৰটিন সংশ্লেষণ কৰে। এই প্ৰটিনবোৰেই বিকাশৰ কাৰ্যত ভাগ লৈ উদ্ভিদৰ বিকাশ নিয়ন্ত্ৰণ কৰে। প্ৰাণীৰ চলন আৰু গতিশীলতাটোকো পোহৰে নানান ধৰণে প্ৰভাৱান্বিত কৰে। পোহৰৰ প্ৰতি সহাঁৰি জনোৱা প্ৰাণীৰ চলন আৰু গতিশীলতাক চাৰিটা ভাগত ভগাব পাৰি যেনে, ফট’কাইনেছিছ (Photokinesis), ফট’ট্ৰপিজিম (Phototropism), ফট’টেক্সিছ (Phototaxis) আৰু টেল’টেক্সিছ (Telotaxis)। কিছুমান প্ৰাণীৰ গতিবেগ পোহৰৰ দ্বাৰা প্ৰভাৱান্বিত হয়। ইয়াকে ফট’কাইনেছিছ বোলা হয়। পোহৰৰ প্ৰতি সহাঁৰি জনাই প্ৰাণীয়ে পোহৰৰ দিশে (ইউগ্লিনা) অথবা পোহৰৰ বিপৰীত দিশে (কেচু) অগ্ৰসৰ হোৱাকে ফট’টেক্সিছ বোলা হয়। যেতিয়া প্ৰাণীটোৰ অকল কোনো এটা অংগই পোহৰৰ প্ৰতি সহাঁৰি জনাই তাকে ফট’ট্ৰপিজিম বোলা হয়। উদাহৰণ, একনলদেহী প্ৰাণীৰ পলিপৰ চলন। মতা প্ৰাণীয়ে মাইকী প্ৰাণীৰ দ্বাৰা বিচ্ছুৰিত পোহৰৰ দ্বাৰা আকৃষ্ট হোৱাকে টেল’টেক্সিছ বোলা হয়।
3. বায়ু (Air): বায়ু অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে। বায়ুত থকা অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰজেন আদি গেছবোৰ জীৱজগতৰ বাবে অপৰিহাৰ্য। খাদ্য বস্তুৰ জাৰণৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন হয়। খাদ্যৰ জাৰণৰ ফলত শক্তি উৎপন্ন হয়। এই শক্তিৰে জীৱই জীৱন নিৰ্বাহৰ লগত জড়িত কাম কাজ চলাই থাকে। জাৰণৰ ফলত বহ্য দ্ৰৱ্য হিচাপে কাৰ্বন-ডাই অক্সাইড গেছো উৎপন্ন হয়। উদ্ভিদে কাৰ্বন-ডাই অক্সাইড গ্ৰহণ কৰি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে সমগ্ৰ জীৱজগতৰ বাবে বুনিয়াদী খাদ্য প্ৰস্তুত কৰে। প্ৰটিন হ’ল জীৱদেহ গঠনৰ প্ৰধান উপাদান। নাইট্ৰজেন অবিহনে প্ৰটিন সংশ্লেষণ সম্ভৱ নহয়। বায়ুমণ্ডলৰ অ’জন স্তৰেই সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ প্ৰভাৱৰ পৰা জীৱ জগতক সুৰক্ষা প্ৰদান কৰি আহিছে। বায়ুমণ্ডলৰ গেছবোৰৰ হ্ৰাস বৃদ্ধিয়ে জীৱজগতৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। উদাহৰণ স্বৰূপে সেউজ গৃহ গেছ (যেনে, কাৰ্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰ’জেন অক্সাইড, চি.এফ. চি আদি) সমূহৰ বৃদ্ধিয়ে গোলকীয় উষ্ণতা বৃদ্ধি কৰে। জলজ প্ৰাণীসমূহৰ বিতৰণ আৰু জীৱন নিৰ্বাহৰ অন্যান্য কাম কাজ নিয়ন্ত্ৰণ কৰে।
4. মাটি (Soil): মাটি হ’ল জীৱন ধাৰণৰ বাবে এবিধ অতি প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ পৰিস্থিতিক কাৰক। মাটি হ’ল বিভিন্ন প্ৰাণী আৰু উদ্ভিদৰ বাসস্থান। মাটিৰ গুণাগুণ যেনে – গঠন, pH, খনিজ পদাৰ্থ, আদিবোৰৰ ওপৰতে নিৰ্ভৰ কৰি উদ্ভিদৰ বৃদ্ধি আৰু বিস্তৃতি নিৰ্ভৰ কৰে। মাটি হ’ল জীৱজগতৰ বাবে অপৰিহাৰ্য ঝনিজ লৱণ সমূহৰ প্ৰধান ভাণ্ডাৰ। বিয়োজক জীৱবোৰে মৃত জৈৱ বস্তুবোৰৰ বিয়োজন ঘটাই অজৈৱ উপাদান সমূহ মুক্ত কৰে আৰু এইবোৰ পুনৰায় জীববোৰে আহৰণ কৰে। মাটিৰ গুণাগুণৰ ওপৰতে পৰিৱেশ তন্ত্ৰৰ উৎপাদন ক্ষমতা নিৰ্ভৰ কৰে। মানুহৰ জনসংখ্যা বৃদ্ধি আৰু কাৰ্যকলাপে মাটিৰ গুণাগুণ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। জীৱজগত বৰ্তী থাকিবলৈ হ’লে মাটিৰ গুণাগুণ অক্ষুণ্ণ ৰখাটো অতি প্ৰয়োজনীয়।
5. আদ্ৰতা (Humidity): আদ্ৰতা হ’ল বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ। কোনো এখন ঠাইৰ বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ শতকৰা হাৰত প্ৰকাশ কৰা হয়। ইয়াকে আপেক্ষিক আদ্ৰতা বোলা (Relative humidity) হয়। আপেক্ষিক আদ্ৰতা হ’ল কোনো এখন ঠাইত নিৰ্দিষ্ট উষ্ণতাত সংপৃক্ত অৱস্থাত যিমানখিনি জলীয় বাষ্প থাকিব পাৰে তাৰ লগত বৰ্তমান যিমানখিনি পৰিমাণৰ জলীয় বাষ্প আছে তাক শতকৰা হাৰত প্ৰকাশ কৰাটোৱে হ’ল আপেক্ষিক আদ্ৰতা। ধৰাহ’ল সংপৃক্ত অৱস্থাত কোনো নিৰ্দিষ্ট উষ্ণতাত নিৰ্দষ্ট পৰিমাণৰ আয়তনৰ বায়ুত 10 গ্ৰাম জলীয় বাষ্প থাকিব পাৰে। কিন্তু হিচাপ কৰি দেখা গ’ল যে তাত বৰ্তমান 5 গ্ৰাম জলীয় বাষ্পহে আছে। গতিকে ঠাই ডোখৰৰ আপেক্ষিক আদ্ৰতা হ’ল (5/10×100) 50%। কোনো এখন অঞ্চলৰ মেঘৰ গঠন, নিয়ৰ, কুৱলী আদি আদ্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে। উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ পৰা ক্ৰমে পত্ৰমোচন আৰু ঘাম আকাৰে কিমানখিনি পানী দেহৰ পৰা বাষ্পীভূত হয় সেয়া নিৰ্ভৰ কৰে বায়ুমণ্ডলৰ আদ্ৰতাৰ ওপৰত। শুকান অঞ্চলৰ উদ্ভিদ আৰু প্ৰাণীবোৰে পানীৰ নিৰ্গমণ ৰোধ কৰিবৰ বাবে নিজকে অভিযোজিত কৰি লোৱা দেখা যায়।
6. অধঃক্ষেপন (Precipitation): কোনো এটা অঞ্চলত জলীয় বাষ্প গোটা (Frozen), জুলীয়া (Liquid), নাইবা ভাপ হিচাপে পৰিক্ষেপিত হোৱাকে অধঃক্ষেপন বোলা হয়। সহজ অৰ্থত তুষাৰ পাত, হীমশিলা (Hail), নিয়ৰ আৰু প্ৰধানকৈ বৃষ্টিপাত হোৱাকে অধঃক্ষেপন বুলি কোৱা হয়। এইবোৰৰ আৱৰ্তন কাল (Periodicity) আৰু পৰিমাণে অৰণ্যৰ প্ৰকাৰ নিৰূপণ কৰে। জলবায়ু সম্বন্ধীয় এই কাৰকবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই বিভিন্ন প্ৰকাৰৰ অৰণ্য যেনে, চিৰ সেউজীয়া অৰণ্য (Evergreen forest), পৰ্ণপাতী অৰণ্য (Deciduous forest), চেপাৰেল (Chapparel), আদি গঠন হয়।
7. ভূ-প্ৰকৃতি (Topography): ভূ-প্ৰকৃতিয়ে পৃথিৱীৰ উপৰিভাগৰ কেতবোৰ কাৰক যেনে, উচ্চতা (Altitude), মাটিৰ ঢাল (Slope), পৰ্বতমালা (Mountains), উপত্যকা (Valleys), সমভূমি (Plains), অৱক্ষেপন, মাটিৰ গঠন আদিক অন্তৰ্ভুক্ত কৰে। ভূ-প্ৰকৃতিয়ে পৰিৱেশৰ কাৰক যেনে – বায়ুমণ্ডৰীয় চাপ, বতাহ, বৃষ্টিপাত, পোহৰৰ তীব্ৰতা, পোহৰৰ স্থিতিকাল (Light duration), উষ্ণতা, পানীৰ সোঁত আদিক প্ৰভাৱিত কৰে। এই কাৰকবোৰৰ ওপৰত নিৰ্ভৰ কৰাৱিয়েই এখন পৰ্বতৰ দুয়োফালে উপবিষ্ট উদ্ভিদ আৰু প্ৰাণীৰ গুণগত আৰু মাত্ৰাগত পাৰ্থকহ পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে হিমালয় পৰ্বতৰ উত্তৰৰ ঢাল অঞ্চলতকৈ দক্ষিণৰ ঢাল জৈৱ বৈচিত্ৰতাত অধিক চহকী।
8. হাইড্ৰজেন আয়ন গাঢ়তা (pH): pH য়ে স্থলজ আৰু জলজ প্ৰাণীবোৰৰ বিস্তৃতি নিয়ন্ত্ৰণ কৰে। হাইড্ৰজে আয়ন (H+) আৰু হাইড্ৰক্সিল আয়নৰ (OH+) পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি pH জোখা হয়। যেতিয়া হাইড্ৰজেন আয়ন আৰু হাইড্ৰক্সিল আয়নৰ পৰিমাণ সমান হয় যেতিয়া এই পানীক প্ৰশমিত পানী বোলা হয় আৰু ইয়াৰ pH ৰ মান হ’ল 7.0। এই মান 7.0 তকৈ যিমানে কমি যায় সিমানে অম্লতাৰ পৰিমাণ বাঢ়ি যায়। আকৌ এই মান 7.0 ৰ যিমান ওপৰলৈ যায় সিমানে ক্ষাৰকত বাঢ়ি যায়। কেচু, শামুক, আদি প্ৰাণীবোৰ আম্লিক মাটিত নেথাকে। আনহাতে আম্লিক pH মাধ্যমত ইউগ্লিনা আৰু কিছুমান ফ্লেজিলেট প্ৰৰ্য্যাপ্ত পৰিমাণে থাকে। চূণমিশ্ৰিত খোলাযুক্ত (Calcareous shell) প্ৰাণীবোৰ সাধাৰণতে প্ৰশমিত pH নাইবা ক্ষাৰকীয় pH ৰ মাধ্যমত বাস কৰে।
9. খনিজ লৱণ (Mineral salts): জীৱসমূহৰ সূষম বৃদ্ধিৰ বাবে বিভিন্ন প্ৰকাৰৰ খনিজ লৱণ বা জীৱজনিত পুষ্টিদ্ৰব্যৰ (Biogenic nutrients) প্ৰয়োজন হয়। এইবোৰৰ অভাৱেজীৱৰ বৃদ্ধি আৰু বিকাশত অস্বাভাৱিকতাৰ সৃষ্টি কৰিব পাৰে। এইবোৰে জীৱৰ বিস্তাৰণতো প্ৰভাৱ পেলায়। পৰিৱেশ তন্ত্ৰ এটা সুস্থিৰ ভাবে চলিবলৈ হ’লে নিৱচ্ছিন্ন ভাবে এই পদাৰ্থ সমূহৰো চক্ৰীভৱন চলি থাকিব লাগিব।
উদাহৰণ হিচাপে পুখুৰীৰ পৰিৱেশ তন্ত্ৰ[উৎস সম্পাদনা]
পুখুৰী এবিধ স্বয়ংক্ৰিয় আৰু সম্পূৰ্ণ পৰিৱেশ তন্ত্ৰৰ উদাহৰণ। ইয়াত পৰিৱেশ তন্ত্ৰৰ যাৱতীয় আৰু প্ৰয়োজনীয় সকলোবোৰ উপাংশই থাকে। পুখুৰীৰ পৰিৱেশ তন্ত্ৰৰ উপাদানবোৰ তলত আলোচনা কৰা হ’ল।
1. অজৈৱিক উপাদান: পুখুৰীত থকা মুখ্য অজৈৱিক উপাদানবোৰ হ’ল, পোহৰ, উষ্ণতা, pH, বিভিন্ন অজৈৱ আৰু জৈৱযৌগ যেনে, পানী, কাৰ্বন-ডাই-অক্সাইড, অক্সিজেন, কেলছিয়াম, নাইট্ৰজেন, ফছফেট, নাইট্ৰেট, ক্ল’ৰাইড ইত্যাদি। পুখুৰীত থকা পোষক দ্ৰব্যবোৰৰ বেছি ভাগেই পুখুৰীৰ তলত গেদ (Sediments) হিচাপে জমা হৈ থাকে আৰু বাকীবোৰ পানীত লগত মিহলি হৈ জলজ জীৱবোৰৰ বাবে উপলভ্য হয়।
2. জৈৱিক উপাদান: পুখুৰীৰ পানীত থকা জীৱিত উপাদানবোৰক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি। যেনে – উৎপাদক, উপভোক্তা আৰু বিয়োজক।
A. উৎপাদক:
এইবোৰ স্বপোষী সেউজীয়া জলজ উদ্ভিদ আৰু কিছুমান সালোকসংশ্লেষী বেক্টেৰিয়া। জলজ উদ্ভিদবোৰে সৌৰ শক্তি গ্ৰহণ কৰি পুখুৰীৰ মাটি আৰু পানীৰ পৰা আহৰণ কৰা খনিজ লৱণবোৰৰ সহায়ত জটিল জৈৱযৌগ যেনে, কাৰ্বহাইড্ৰেট, প্ৰটিন, লিপিড আদি গঠন কৰে। উৎপাদকবোৰক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি।
(i) স্থূল উদ্ভিদ (Macrophytes): এইবোৰ হ’ল শিপাযুক্ত ডাঙৰ আকৃতিৰ জলজ উদ্ভিদ। এইবোৰ পানীত সম্পূৰ্ণ বা আংশিক ভাবে ডুব গৈ থকা বা ওপঙি থকা নাইবা পানীৰ ওপৰ ভাগত ওলাই থকা উদ্ভিদ হব পাৰে। পুখুৰীত সাধাৰণতে পোৱা উদ্ভিদবোৰ হ’ল – টাইফা (Typha), ট্ৰেপা (Trapa), ছেজিটেৰিয়া (Sagittaria), নিম্ফিয়া (Nymphaea), কাৰা (Chara), হাইড্ৰিলা (Hydrilla), ভেলিছ্নেৰিয়া (Vallisneria), ইউট্ৰিকুলাৰিয়া (Utricularia), মাৰ্ছিলিয়া (Marsilia), নিলুম্ব (Nilumbo) ইত্যাদি। এয’লা (Azolla), চেলভিনিয়া (Salvinia), উলফিয়া (Wolfia), লেম্না (Lemna) আদি কেতবোৰ পানীত ওপঙি থকা উদ্ভিদ।
(ii) উদ্ভিদ প্লাৱক (Phytoplanktons): এইবোৰ হ’ল পানীত ওপঙি থকা বা ডুবগৈ থকা ক্ষুদ্ৰ আকৃতিৰ উদ্ভিদ। এইবোৰ প্ৰধানতঃ শেলাই আৰু ফ্লেজিলেট। উদাহৰণ – ইউল’থ্ৰিস্ক (Ulothrix), স্পাইৰ’গাইৰা (Spirogyra), ক্লেড’ফৰা (Cladophora), ইড’গনিয়াম (Oedogonium), ক্লছ্ষ্টেৰিয়াম (Closterium), কছ্মেৰিয়াম (Cosmarium), ইউড’ৰিনা (Eudorina), পেন্ডৰিণা (Pandorina), ভলভক্স (Volvox), ডায়েটাম (Diatoms), ক্লেমাইড’ম’নাছ (Chlamydomonas) ইত্যাদি।
B. উপভোক্তা:
এইবোৰ পৰপোষী আৰু পুষ্টি আহৰণৰ বাবে উৎপাদকৰ ওপৰত নিৰ্ভৰশীল। পুখিৰীত তিনি ধৰণৰ উপভোক্তা পোৱা যায়।
(i) মুখ্য বা প্ৰাথমিক উপভোক্তা: (Primary consumers)এইবোৰ বিভিন্ন আকৃতিৰ তৃণভোজী প্ৰাণী। এইবোৰক দুটা ভাগত ভগাব পাৰি।
a. বেন্থছ (Benthos): এইবোৰ প্ৰাণী পুখুৰীৰ তলিভাগত ভাগ কৰে আৰু পুখুৰীৰ পৰিৱেশ তন্ত্ৰ নিয়নন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। উদাহৰণ – পতঙ্গ, পতঙ্গৰ পলু, মাছ, হামুক, ক্ৰাষ্টেছিয়া, জোক , কেঁচু ইত্যাদি।
b. প্ৰাণী প্লাৱক (Zooplanktons): এইবোৰ হ’ল পুখুৰীৰ পানীত বাস কৰা কেতবোৰ ক্ষুদ্ৰ আকৃতিৰ প্ৰাণী আৰু এইবোৰে উদ্ভিদ প্লাৱক ভক্ষণ কৰি জীয়াই থাকে। উদাহৰণ – ইউগ্লিনা (Euglena), কলিপ্ছ (Coleps), ডাইলেপটাছ (Dileptus),ইত্যাদি। কেতবোৰ ক্ৰাষ্টেছিয়া যেনো – ডাফণিয়া (Daphnia)), চাইক্ল’প্ছ (Cyclops), ষ্টেন’চাইপ্ৰিছ (Stenocypris) ইত্যাদিও প্ৰাণীপ্লাৱকৰ উদাহৰণ।
(ii) দ্বিতীয় স্তৰৰ উপভোক্তা (Secondary consumers): এইবোৰ হ’ল প্ৰাথমিক উপভোক্তা বা তৃণভোজী প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰা মাংসভোজী প্ৰাণী। উদাহৰণ – মাছ, পানীত বাস কৰা পতঙ্গ, ভেকুলী ইত্যাদি।
(iii) তৃতীয় স্তৰৰ উপভোক্তা (Tertiary consumers): এইবোৰ পৰভক্ষী মাংসভোজী প্ৰাণী। ডাঙৰ মাছ, সাপ আদি এই শ্ৰেণীৰ উপভোক্তা।
C. বিয়োজক (Decomposers):
পুখুৰীৰ পানীত বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়া আৰু ভেঁকুৰ থাকে্ এইবোৰে মৃত জীৱবোৰৰ পচন ঘটাই তাৰ পৰা খাদ্য আহৰণ কৰে আৰু অধিকাংশ পোষক দ্ৰব্য পৰিৱেশ তন্ত্ৰত পুনৰ ব্যৱহাৰৰ বাবে মুক্ত কৰে। পুখুৰীত থকা সাধাৰণ বিয়োজকবোৰ হ’ল – এছ্পাৰজিলাছ (Aspergillus), ছিফালোস্প’ৰিয়াম (Cephalosporium), ক্লেড’স্পৰিয়াম (Cladosporium), ৰাইয’পাছ (Rhizopous), পেনিছিলিয়াম (Penicillium), এণ্টাৰ’নেৰিয়া (Anteroneria), ট্ৰাইক’ডাৰমা (Trichoderma), চাৰ্ছিনেলা (Circinella), ফুচাৰিয়াম (Fusarium), কাৰভুলেৰিয়া (Carvularia) ইত্যাদি। পুখুৰী এটাক দুটা স্পষ্ট স্তৰত ভগাব পাৰি। ওপৰৰ উৎপাদক স্তৰ (Productive zone) আৰু ক্ষয়কাৰী বা অপৰদ স্তৰ (Detrtus zone)। সেয়েহে পুখুৰী এটা ভাৰসাম্য পৰিৱেশ তন্ত্ৰৰ উদাহৰণ।
পৰিৱেশ তন্ত্ৰৰ গঠনৰ বৈশিষ্ট[উৎস সম্পাদনা]
জৈৱিক আৰু অজৈৱিক উপাদান সমূহৰ আন্তঃক্ৰিয়াৰ বাবেই একোটা বৈশিষ্টপূৰ্ণ পৰিৱেশ তন্ত্ৰৰ সৃষ্টি হয়। পৰিৱেশ তন্ত্ৰ গঠনৰ মূল বৈশিষ্ট্য সমূহ হ’ল –
1. প্ৰজাতিৰ গাঁথনি বা সংমিশ্ৰণ (Species composition): একোটা পৰিৱেশ তন্ত্ৰৰ জৈৱিক সম্প্ৰদায় সমূহ কিছুমান বিশেষ ধৰণৰ প্ৰজাতিৰে গঠিত হয়। উদাহৰণ স্বৰূপে অৰণ্যৰ পৰিৱেশ তন্ত্ৰত বিভিন্ন প্ৰকাৰৰ বৃক্ষ, গুল্ম, লতা আদি থাকে। অৰণ্যবোৰৰো গছৰ প্ৰকাৰ আৰু ঘনত্ব বেলেগ বেলেগ হোৱা দেখা যায়, যেনে – চিৰ সেউজীয়া অৰণ্য, পৰ্ণপাতী অৰণ্য, ইত্যাদি। প্ৰজাতিৰ গাঠনি, ভৌগোলিক অৱস্থা, ভূ-প্ৰকৃতি, প্ৰাকৃতিক বাতাবৰণ আদিৰ ওপৰত নিৰ্ভৰ কৰে। ক্ৰান্তীয় বৰ্ষাৰণ্য আৰু প্ৰৱাল দ্বীপ সমূহথ প্ৰজাতিৰ সংমিশ্ৰণ সৰ্বাধিক আৰু মৰুভূমি আৰু মেৰু অঞ্চলত সৰ্বনিম্ন হোৱা হোৱা দেখা যায়।
2. স্তৰীভৱন (Stratification): পৰিৱেশ তন্ত্ৰত উলম্ব স্তৰীভৱন বা স্তৰবিন্যাস (Vertical stratification) দেখা যায়। বিভিন্ন উচ্চতা আৰু পত্ৰাৱৰণৰ (Canopy) উদ্ভিদ সমূহে সৃষ্টি কৰা স্তৰীভৱণ বিভিন্ন প্ৰজাতিৰ জীৱৰ সূক্ষ্ম বাসস্থান (Microhabitat) আৰু নিচি (Niche) হিচাপে ব্যৱহাৰ হয়। উদাহৰণ স্বৰূপে ক্ৰান্তীয় বৰ্ষাবন (Tropical rain forest) বোৰত সুস্পষ্ট স্তৰীভৱন আৰু তাত প্ৰজাতিৰ বৈচিত্ৰতাও সৰ্বাধিক হয়। আনহাতে মৰুভূমি অঞ্চলত গছ-গছনিৰ সংখ্যা তেনেই তাকৰ হোৱা বাবেস্তৰীভৱন কম পৰিমাণে দেখা যায় বা নেথাকেই।
3. পুষ্টি সংগঠন (Trophic Structure): পুষ্টিৰ দিশৰ পৰা পৰিৱেশ তন্ত্ৰৰ জীৱ সম্প্ৰদায়বোৰত দুটা অংশ থাকে যেনে – স্বপোষী আৰু পৰপোষী। প্ৰথম বিধত প্ৰধানকৈ সৌৰ শক্তিৰ আহৰণ, সৰল জৈৱ পদাৰ্থৰ ব্যৱহাৰ আৰু জটিল যৌগ গঠন হয়। দ্বিতীয় বিধত জটিল পদাৰ্থৰ ব্যৱহাৰ, পুনৰ গঠন, ভাঙোন আদি পৰিঘটনাবোৰ সংঘটিত হয়।
4. স্থিৰ ফচল (Standing crop): স্থিৰ ফচল বা ষ্টেডিং ক্ৰপ হ’ল পৰিৱেশ তন্ত্ৰৰ বিভিন্ন খাদ্যস্তৰ সমূহত থকা জৈৱিক পদাৰ্থৰ আয়তন। ইয়াক জীৱ ভৰ, জৈৱ আয়তন বা বায়’মাছ (Biomass) হিচাপে প্ৰকাশ কৰা হয়। বায়’মাছক শুস্কভৰ, সিক্তভৰ, কাৰ্বনৰ ভৰ, কেলৰি আদি হিচাপেও নিৰ্ণয় কৰা হয়। ইয়াৰ দ্বাৰা পৰিৱেশ তন্ত্ৰ এটাৰ উৎপাদনৰ পৰিমাণৰ বিষয়ে ধাৰণা কৰিব পাৰি।
5. স্থিৰাৱস্থা বা স্থিৰ মানদণ্ড (Standing state or standing quality): ই হ’ল পৰিৱেশ তন্ত্ৰ এটাত থকা অজৈৱ পোষক দ্ৰব্যৰপৰিমাণ। ইয়াৰ পৰিমাণ স্থিৰ নহয়। বিভিন্ন পৰিৱেশ তন্ত্ৰ আৰু ঋতুত ইয়াৰ পৰিমাণো বেলেগ বেলেগ হয়। উৎপাদকৰ বৃদ্ধি মাধ্যমত (Growth medium) অজৈৱ পোষক দ্ৰব্যবোৰ থাকে। উচ্ছমানৰ স্থিৰ অৱস্থাত (High standing state) উৎপাকৰ বৃদ্ধি আৰু উৎপাদন ক্ষমতা হ্ৰাস পায়।
পৰিৱেশ তন্ত্ৰৰ উৎপাদন ক্ষমতা[উৎস সম্পাদনা]
কোনো এটা পৰিৱেশ তন্ত্ৰৰ যিকোনো এটা পৌষ্টিক স্তৰে (Trophic level) যি হাৰত প্ৰতি একক ক্ষেত্ৰফলত নিৰ্দিষ্ট সময়ৰ ব্যৱধানত বায়’মাছৰ পৰা যিমানখিনি শক্তি সংশ্লেষণ কৰে তাকে পৰিৱেশ তন্ত্ৰটোৰ উৎপাদন ক্ষমতা বুলি কোৱা হয়। ইয়াক ওজনৰ জোখত (g/m2/yr) নাইবা শক্তি হিচাপে (Kcal/m2/yr) প্ৰকাশ কৰা হয়। উৎপাদন ক্ষমতাক দুটা ভাগত ভগাব পাৰি যেনে – প্ৰাথমিক উৎপাদন ক্ষমতা (Primary productivity) আৰু গৌণ উৎপাদন ক্ষমতা (Secondary productivity)।
1. প্ৰাথমিক উৎপাদন ক্ষমতা: প্ৰতি একক ক্ষেত্ৰফলত থকা সেউজীয়া উদ্ভিদে নিৰ্দিষ্ট সময়ৰ ব্যৱধানত সালোক সংশ্লৈষণৰ সহায়ত যিখিনি শক্তি আহৰণ কৰে তাকে প্ৰাথমিক উৎপাদন ক্ষমতা বোলা হয়। ই আকৌ দুই প্ৰকাৰৰ যেনে – সামগ্ৰিক বা স্থূল প্ৰাথমিক উৎপাদন (Gross Primary Production, GPP or PG) আৰু ৰাহি প্ৰাথমিক উৎপাদন (Net Primary Production, NPP or PN)।
(i) সামগ্ৰিক বা স্থূল প্ৰাথমিক উৎপাদন (GPP or PG): সেউজীয়া উদ্ভিদে নিৰ্দিষ্ট সময়ত একক ক্ষেত্ৰফলত সামগ্ৰিক ভাবে যি পৰিমাণৰ শৰ্কৰা বা অন্যান্য জৈৱ যৌগ প্ৰস্তুত কৰে তাকে স্থূল প্ৰাথমিক উৎপাদন বোলা হয়।
(ii) ৰাহি প্ৰাথমিক উৎপাদন (NPP or PN): ই হ’ল সেউজীয়া উদ্ভিদে স্থূল প্ৰাথমিক উৎপাদনৰ পৰা খৰচ কৰাৰ পিছত ৰাহি হোৱা শক্তি নাইবা সঞ্চিত বায়’মাছৰ পৰিমাণ। উদ্ভিদৰ ক্ষেত্ৰত শ্বসন কাৰ্যত (Respiration or R) ব্যৱহাৰ হোৱা শক্তিক বাদ দি যিখিনি অতিৰিক্ত শক্তি জমা হৈ থাকে তাকে ৰাহি প্ৰাথমিক উৎপাদন বোলা হয়। অৰ্থাৎ, ৰাহি মুখ্য উপাদন (PN): = স্থূল মুখ্য উৎপাদন (PG) – শ্বসন (R)। বা, স্থূল মুখ্য উৎপাদন (PG) = ৰাহি মুখ্য উপাদন (PN) + শ্বসন (R)।
2. গৌণ উৎপাদন ক্ষমতা: উপভোক্তা স্তৰত জৈৱ যৌগৰ পুনৰ সংশ্লেষণ হাৰকে গৌণ উৎপাদন বোলা হয়। ভক্ষণৰ জৰিয়তে উৎপাদকৰ পৰা প্ৰত্যক্ষ নাইবা পৰোক্ষ ভাবে উপভোক্তাবোৰে কিছু শক্তি আহৰণ কৰি দেহত সঞ্চিত কৰি ৰাকে। এনেদৰে উপভোক্তা স্তৰত সঞ্চিত শক্তিকেই গৌণ উৎপাদন বোলা হয়। সাধাৰণতে মুখ্য উৎপাদনৰ কেৱল শতকৰা 10 ৰ পৰা 20 শতাংশহে গৌণ উৎপাদনলৈ ৰূপান্তৰিত হয় আৰু বাকীখিনি তাপ শক্তি হিচাপে নিৰ্গত হয়।
মুখ্য উৎপাদন ক্ষমতা প্ৰভাৱিত কৰা কাৰক সমূহ (Factor Affecting Primary Production):[উৎস সম্পাদনা]
কোনো এখন ঠাইৰ উৎপাদকতা নিৰ্ভৰ কৰে পৰিৱেশৰ বিভিন্ন কাৰকৰ ওপৰত। এইবোৰৰ তাৰতম্যৰ কাৰণতেই বিভিন্ন পৰিৱেশ তন্ত্ৰৰ প্ৰাথমিক উৎপাদকতা বিভিন্ন ধৰণৰ হয়। এই কাৰকবোৰ হ’ল, পোহৰ, উষ্ণতা, পানী, পোষক দ্ৰব্য, সালোক সংশ্লেষণৰ দক্ষতা, সৌৰ বিকিৰণ, অধঃক্ষেপন, মাটিৰ প্ৰকাৰ, আদ্ৰতা ইত্যাদি। মাটিত পৰ্য্যাপ্ত পৰিমাণৰ পানীৰ যোগান নিশ্বিত হলে ক্ৰান্তীয় অঞ্চলসমূহত গোটেই বছৰ ধৰি মুখ্য উৎপাদন অবিৰত ভাবে চলি থাকে। আনহাতে মেৰু অঞ্চলত অত্যধিক শীতৰ বাবে মুখ্য উৎপাদন সীমিত হৌৱা দেখা যায়। প্ৰাথমিক উৎপাদন ক্ষমতা (Primary Productivity) আৰু গৌণ উৎপাদন ক্ষমতা (Secondary Productivity) ৰ মাজত পাৰ্থক্য। প্ৰাথমিক উৎপাদন ক্ষমতা গৌণ উৎপাদন ক্ষমতা 1. প্ৰাথমিক উৎপাদন ক্ষমতা হ’ল উৎপাদকে অজৈৱ বস্তুৰ পৰা জৈৱিক বস্তু সংশ্লেষণ কৰাৰ হাৰ। 1. গৌণ উৎপাদন ক্ষমতা হ’ল উপভোক্তাই জৈৱিক বস্তুৰ পৰা জৈৱিক বস্তু সংশ্লেষণ কৰাৰ হাৰ।
2. এই হাৰৰ মাত্ৰা আপেক্ষিক ভাবে বহুত বেছি। 2. এই হাৰৰ মাত্ৰা আপেক্ষিক ভাবে কম আৰু উৰ্দ্ধৰ পৌষ্টিক স্তৰৰ (Trophic level) ফালে ক্ৰমান্বয়ে কমি আহে।
3. ইয়াত অজৈৱ পদাৰ্থৰ পৰা জৈৱিক পদাৰ্থৰ সংশ্লেষণ হয়। 3. ইয়াত জৈৱ পদাৰ্থৰ পৰা জৈৱিক পদাৰ্থৰ সংশ্লেষণ হয়।
উৎপাদনৰ পৰ্য্যায় (Productivity levels):[উৎস সম্পাদনা]
উৎপাদনৰ পৰ্য্যায় ঠাই এডোখৰৰ উদ্ভিদ প্ৰজাতি, সিহঁতৰ সালোক সংশ্লেষণৰ ক্ষমতা, পোষক দ্ৰব্যৰ প্ৰাচুৰ্য্যতা, সূৰ্যৰ বিকিৰণ, অধঃক্ষেপন, মাটিৰ প্ৰকাৰ আৰু অন্যান্য কিছুমান পৰিৱেশিক কাৰকৰ ওপৰত নিৰ্ভৰশীল। উৎপাদনক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি পৰিৱেশ তন্ত্ৰৰ উৎপাদনৰ পৰ্য্যায়ক তিনিটা ভাগত ভগোৱা হৈছে যেনে – অধিক উৎপাদনশীল পৰেৱেশ তন্ত্ৰ (High productivity ecosystem), সাধাৰণ উৎপাদনশীল পৰিৱেশ তন্ত্ৰ (Average productivity ecosystem), কম উৎপাদনশীল পৰিৱেশ তন্ত্ৰ (Less productivity ecosystem) আৰু অতি কম উৎপাদনশীল পৰিৱেশ তন্ত্ৰ (Low productivity ecosystem)।
(i) অধিক উৎপাদনশীল পৰেৱেশ তন্ত্ৰ: যিবোৰ পৰিৱেশ তন্ত্ৰৰ ৰাহি মুখ্য উপাদান) Net productivity) প্ৰায় 2-4kg/m2/yr বা 20-40 ton/hac/yr সেইবোৰকে অধিক উৎপাদনশীল পৰিৱেশ তন্ত্ৰ বোলা হয়। উৎপাদকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি এনেকুৱা পৰিৱেশ তন্ত্ৰৰ দৈনিক উৎপাদন প্ৰায় 6-20gm/m2। এনেকুৱা উৎপাদন ক্ষমতা সাধাৰণতে ক্ৰান্তীয় অৰণ্য (Tropical forest), প্লাৱন ভূমি (Flood plain), প্ৰৱাল দ্বীপ (Coral reef), কুঁহিয়াৰৰ খেতিৰ পৰিৱেশ তন্ত্ৰত দেখিবলৈ পোৱা যায়।
(ii) সাধাৰণ উৎপাদনশীল পৰিৱেশ তন্ত্ৰ: এনেকুৱা পৰিৱেশ তন্ত্ৰবোৰত উৎপাদনৰ হাৰ 1-2kg/m2/yr বা 10-20ton/hac/yr আৰু দৈনিক হিচাবত উৎপাদন 3-5gm/m2। সাধাৰণ খেতিপথাৰ আৰু নাতিশীতোষ্ণ অঞ্চলৰ (Temperate) অৰণ্য সমূহ এই প্ৰকাৰৰ।
(iii) কম উৎপাদনশীল পৰিৱেশ তন্ত্ৰ: এইবোৰ পৰিৱেশ তন্ত্ৰৰ বাৰ্ষিক উৎপাদন 200-1000gm/m2 বা 2-10ton/hac আৰু দৈনিক হিচাবত0.5-3.0gm/m2। উদাহৰণ – তৃণভূমি।
(iv) অতি কম উৎপাদনশীল পৰিৱেশ তন্ত্ৰ: এইবোৰ পৰিৱেশ তন্ত্ৰৰ বাৰ্ষিক উৎপাদন 200gm/m2 বা 2ton/hac তকৈও কম। কিছুমান মৰুভূমিৰ বছৰি উৎপাদন ক্ষমতা .03ton/hac বা ইয়াতকৈও কম।
বিয়োজন (Decomposition):[উৎস সম্পাদনা]
বিয়োজক জীৱৰ দ্বাৰা জটিল জৈৱ যৌগবোৰক ভৌতিক আৰু ৰাসায়নিক পদ্ধতিৰে বিয়োজিত কৰাকে বিয়োজন বুলি কোৱা হয়। স্থলজ পৰিৱেশ তন্ত্ৰত মাটিৰ ওপৰৰ স্তৰটোৱেই হ’ল বিয়োজনৰ স্থান। উদ্ভিদৰ মৃত অংশ, মৃত প্ৰাণীৰ শৰীৰ, প্ৰাণীৰ শৰীৰৰ বৰ্জিত বস্তু আদিবোৰক অপৰদ (Detritus) বোলা হয়।
বিয়োজন পদ্ধতি (Decomposition processes):[উৎস সম্পাদনা]
বিয়োজনৰ ফলত মৰা পছা বস্তুবোৰ সম্পূৰ্ণৰূপে বিয়োজিত হৈ পৰিৱেশ তন্ত্ৰৰ লগত পুনৰায় মিলি যায় আৰু নতুন নতুন জীৱ প্ৰজন্মৰ শৰীৰত প্ৰৱেশ কৰে। বিয়োজন প্ৰক্ৰিয়াৰ স্তৰ সমূহ হ’ল – খণ্ডন (Fragmentation), নিক্ষালন (Leaching), অপচয় (Catabolism), হিউমিফিকেচন (Humification) আৰু খনিজীভৱণ (Mineralisation)।
(i) খণ্ডন (Fragmentation): অপৰদভোজী প্ৰাণীবোৰ (Detrivores) যেনে – উই পৰুৱা (Termites), গুৱৰুৱা পোক (Beetles), কেঁচু আদিয়ে মৰা পছা বস্তুবোৰক সৰু সৰু কণালৈ ভাঙি দিয়ে। ইয়াকে খণ্ডন প্ৰক্ৰিয়া বোলা হয়।
(ii) নিক্ষালন (Leaching): অজৈৱ পোষক দ্ৰব্যৰ কণাবোৰ পানীত দ্ৰবীভূত হৈ মাটিৰ তললৈ গৈ অপ্ৰাপ্তব্য লৱণ হিচাপে অৱক্ষেপিত হোৱাকে নিক্ষালন বোলা হয়।
(iii) অপচয় (Catabolism): বিয়োজক জীৱ যেনে – বেক্টেৰিয়া, ভেঁকুৰ আদিয়ে উৎসেচকৰ সহায়ত অদ্ৰবনীয় জটিল জৈৱ যৌগবোৰক সৰল আৰু দ্ৰবনীয় জৈৱ যৌগলৈ পৰিৱৰ্তন কৰে। ইয়াকে অপচয় বোলা হয়।
(iv) হিউমিফিকেচন (Humification): অপৰদ আৰু অৱশিষ্ট জৈৱ যৌগবোৰৰ পৰা কলা ৰঙৰ অনিয়তাকাৰ পদাৰ্থ সৃষ্টি হোৱাকে হিউমিফিকেচন বোলা হয়। এই পদাৰ্থবোৰকে হিউমাছ বোলা হয়। এইবোৰৰ ওপৰত অনুজীৱবোৰে সহজে ক্ৰিয়া কৰিব নোৱাৰে আৰু এইবোৰ লাহে ধীৰে বিয়োজিত হয়। হিউমাছবোৰ কলয়ড্ প্ৰকৃতিৰ আৰু এইবোৰে পোষক দ্ৰব্যৰ ভড়াল হিচাপে কাম কৰে।
(v) খনিজীভৱণ (Mineralisation): জৈৱ যৌগৰ পৰা অজৈৱ লৱণ আৰু অজৈৱ যৌগবোৰক মুক্তকৰণ কৰা প্ৰক্ৰিয়াকে খনিজীভৱণ বোলা হয়।
অপৰদভোজী আৰু বিয়োজক জীৱৰ মাজত প্ৰৰ্থক্য:
বিয়োজন নিয়ন্ত্ৰণকাৰী কাৰক (Factors controll the Decomposition):[উৎস সম্পাদনা]
অপৰদবোৰৰ বিয়োজনৰ হাৰ এইবোৰৰ ৰাসায়নিক প্ৰকৃতি, পৰিৱেশৰ উষ্ণতা, মাটিৰ আদ্ৰতা আৰু pH ৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰে শেষৰ তিনিটাই অপৰদভোজী আৰু বিয়োজক জীৱৰ কাৰ্যৰ ওপৰত প্ৰভাৱ পেলায়।
(i) উষ্ণতা: উচ্ছ উষ্ণতাই বিয়োজনৰ হাৰ বৃদ্ধি কৰে। বিশেষকৈ 300 চে. ৰ উষ্ণতাৰ পৰা ক্ৰমাগত উষ্ণতা বৃদ্ধিয়ে বিয়োজনৰ মাত্ৰা বঢ়ায়। এনেকুৱা উষ্ণতাত কেইসপ্তাহ মানৰ পৰা কেইমাহমান সময়ৰ ভিতৰতে অপৰদবোৰৰ বিয়োজন ঘটায়। আনহাতে কম উষ্ণতাত বিশেষকৈ 100 চে. উষ্ণতাৰ তলৰ ফালে বিয়োজনৰ হাৰ নিম্নগামী হোৱা পৰিলক্ষিত হোৱা দেখা যায়।
(ii) মাটিত আদ্ৰতা: বিয়োজনৰ বাবে মাটিত জলীয় বাষ্পৰ পৰিমাণো অতি প্ৰয়োজনীয়। মৰুভূমিবোৰত জলীয় বাষ্পৰ পৰিমাণ কম আৰু সেয়েহে উষ্ণতা অধিক হোৱা স্বত্বেও ইয়াত বিয়োজনৰ হাৰ অতি কম। আকৌ অত্যধিক জলীয় বাষ্পৰ মাত্ৰাও বিয়োজনক বাধা দিয়া দেখা যায় কিয়নো এনেকুৱা অৱস্থাত বিয়োজনৰ কাৰণে প্ৰয়োজনীয় অক্সিজেন আহৰণ বাধাপ্ৰাপ্ত হয়।
(iii) pH: প্ৰশমিত আৰু সামান্য ক্ষাৰকীয় মাটিত অনুজীৱ আৰু বিয়োজকবোৰৰ বাবে উপযোগী। আম্লিকতা বাঢ়ি যোৱাৰ লগে লগে অপৰদভোজী আৰু বিয়োজক জীৱবোৰৰ সংখ্যাও কমি আহে। ইয়াৰ উপৰিও বিয়োজন প্ৰক্ৰিয়াৰ বাবে অক্সিজেনৰ প্ৰয়োজন হয়। আকৌ কোনোবা মাটিৰ অপৰদত যদি লিগ্নিন আৰু কাইটিন থাকে তেতিয়াও বিয়োজনৰ গতি মন্থৰ হয় আৰু অপৰদত যদি অধিক পৰিমাণে নাইট্ৰজেন তথা পানীত দ্ৰবণীয় শৰ্কৰা থাকে তেতিয়া বিয়োজনৰ মাত্ৰা তীব্ৰতৰ হয়।
প্ৰাকৃতিক পৰিৱেশ
প্ৰাকৃতিক পৰিৱেশ বুলিলে পৃথিৱী বা ইয়াৰ কোনো এটা অঞ্চলৰ সমগ্ৰ জীৱ আৰু জড়সমূহক একেলগে বুজায়। ই সকলো জীৱিত প্ৰজাতিৰ এটা পাৰস্পৰিক ক্ৰিয়াৰ পৰিৱেশ। এই ধাৰণাটো কিছুমান মৌলৰ দ্বাৰা প্ৰকাশ কৰা হয়:
- সম্পূৰ্ণ পৰিস্থিতিক গোট যি মানুহৰ হস্তক্ষেপৰ অবিহনে সকলো উদ্ভিদ, অণুজীৱ, মাটি, শিল, বায়ুমণ্ডল আৰু সেই সীমাৰ ভিতৰত ঘটা সকলো প্ৰাকৃতিক পৰিঘটনাকে ধৰি, প্ৰাকৃতিক তন্ত্ৰ হিচাপে কাৰ্য কৰে।
- বিশ্বজনীন প্ৰাকৃতিক সম্পদ আৰু ভৌতিক পৰিঘটনা যিবোৰ কোনো সীমাৰ দ্বাৰা আবদ্ধ নহয়, যেনে বায়ু, পানী আৰু জলবায়ু, লগতে মানুহৰ কাৰ্যৰ পৰা উদ্ভৱ নোহোৱা শক্তি, তেজস্ক্ৰিয়তা, বৈদ্যুতিক আধান আৰু চুম্বকত্ব আদি।
প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশৰ মাজত পাৰ্থক্য আছে। মানৱ সৃষ্ট পৰিৱেশৰ অন্তৰ্গত অঞ্চল আৰু তাৰ মৌলবোৰ মানুহৰ বিভিন্ন কাৰ্যৰ (যেনে বিৱৰ্তনিক গঠন, কৃষি, জনসংখ্যা আদি) দ্বাৰা গভীৰভাৱে প্ৰভাবিত হয়। এটা ভৌগোলিক অঞ্চলক প্ৰাকৃতিক পৰিৱেশ হিচাপে গণ্য কৰা হয়।
সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশ বিচাৰি পোৱাতো বৰ কঠিন, আৰু পৰিস্থিতি অনুযায়ী প্ৰাকৃতিকতাৰ পাৰ্থক্য পৰিলক্ষিত হয়। পৰিৱেশৰ বিভিন্ন দৃষ্টিকোণ আৰু মৌলৰ দিশৰ পৰা বিচাৰ কৰিলে, দেখা যায় যে সিহঁতৰ প্ৰাকৃতিকতাৰ মাত্ৰা একে নহয়। উদাহৰণ স্বৰূপে, এখন কৃষি ক্ষেত্ৰৰ খনিজ লৱণৰ অনুপাত আৰু মাটিৰ গঠন বিবেচনা কৰিলে, এখন অৰণ্যৰ লগত খনিজ লৱণৰ অনুপাতৰ কিছু মিল দেখা পোৱা গলেও মাটিৰ গঠনৰ ক্ষেত্ৰত ভিন্নতা পৰিলক্ষিত হয়।
প্ৰাকৃতিক পৰিৱেশক প্ৰায়েই আৱাসস্থলৰ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰা হয়, যেনে জিৰাফৰ প্ৰাকৃতিক পৰিৱেশ ছাভানা।
ভূ-বিজ্ঞনত সাধাৰণতে শিল, পানী, বায়ু, আৰু জীৱৰ ভিত্তিত, ভূমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জৈৱমণ্ডল নামৰ চাৰিতা মণ্ডল থাকে।[1] কিছু বিশেষজ্ঞই, জলমণ্ডলৰ এটা বিশেষ ভাগ হিমমণ্ডলৰ (বৰফৰ বাবে) লগতে স্থলমণ্ডলকো (মাটিৰ বাবে) পৃথিৱীৰ একোটা সক্ৰিয় মণ্ডল বুলি ধৰে। ভূ-বিজ্ঞান, পৃথিৱীৰ সৈতে জড়িত সকলো বিজ্ঞানৰ সমাহাৰ বুলিব পাৰি। ভূ-বিজ্ঞনৰ প্ৰধান ভাগ চাৰিতা হ'ল, ভূগোল, ভূতত্ত্ব বিজ্ঞান, ভূ-পদাৰ্থ বিজ্ঞান আৰু জিঅদেছি। পৃথিৱীৰ মণ্ডলসমূহৰ গুণগত আৰু পৰিমাণগত অধ্যয়নৰ বাবে এই বিভাগসমূহে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, ক্ৰমলজি আৰু গণিতৰ ব্যৱহাৰ কৰে।
ভৌগোলিক ক্ৰিয়া[উৎস সম্পাদনা]
পৃথিৱীৰ ভূ-ত্বক বা ভূমণ্ডল হ'ল গ্ৰহটোৰ একেবাৰে বাহিৰৰ কঠিন আৱৰণ আৰু ৰাসায়নিক তথা প্ৰযুক্তিগত ভাৱে ভিতৰৰ তৰপসমূহতকৈ ভিন্ন। ই প্ৰধানকৈ আগ্নেয় প্ৰক্ৰিয়াৰ দ্বাৰা সৃষ্টি হৈছিল, য'ত মেগমা ঠাণ্ডা আৰু গোট মাৰি কঠিন শিললৈ ৰূপান্তৰ ঘটিছিল। ভূ-ত্বকৰ ঠিক তলৰ স্তৰটো তেজস্ক্ৰীয় মৌলৰ ক্ষয়ীভৱনৰ ফলত উতপ্ত হৈ থাকে। এই তৰপটোতেই টেকটনিক প্লেটসমূহ ভাঁহি থাকে। এই প্লেটবোৰ লৰচৰ কৰাৰ ফলতেই ভূমিকম্প হয়। সাধাৰণতে এনে যিকোনো দুখন প্লেটৰ সংযোগ স্থলতেই ভূমিকম্প হয়। এই তেজস্ক্ৰীয় বিকিৰণৰ বাবে হোৱা উত্তাপ বৃদ্ধিৰ ফলত ভূ-গৰ্ভৰ উপাদানবোৰ তৰল হৈ আয়তন বাঢ়ে। আগ্নেয়গিৰি উদ্গিৰণৰ ই এটা প্ৰাথমিক কাৰণ।
জলভাগ[উৎস সম্পাদনা]
মহাসাগৰ[উৎস সম্পাদনা]
পৃথিৱীৰ জলভাগে পৃথিৱী পৃস্থৰ এটা বৃহৎ অংশ, প্ৰায় ৭১% আগুৰি আছে, কেইবাখনো সাগৰ আৰু মহাসাগৰত বিভক্ত কৰা হৈছে। মহাসাগৰ মূলতঃ এখনেই। ভূগোলবিদসকলে অধ্যয়নৰ সুবিধাৰ্থে মহাসাগৰক ৫টা অংশৰ বিভক্ত কৰিছে। মহাসাগৰীয় বিভাজনসমূহ সংজ্ঞায়িত আৰু মূল্যায়িত হৈছে - মহাদেশ, মাটিৰ স্তৰ আৰু অন্যান্য চৰ্তাৱলীক কেন্দ্ৰ কৰি। এই পাঁচ বিভাজন হৈছে (আকাৰৰ হ্ৰাসমান ক্ৰমত):
- প্ৰশান্ত মহাসাগৰ: আমেৰিকাক এছিয়া আৰু অষ্ট্ৰেলিয়াৰ পৰা বিভক্ত কৰিছে।
- আটলাণ্টিক মহাসাগৰ: আমেৰিকাক ইউৰেছিয়া আৰু আফ্ৰিকাৰ পৰা বিভক্ত কৰিছে।
- ভাৰত মহাসাগৰ: দক্ষিণ এছিয়াক আবৰি ৰাখিছে আৰু আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াক বিভক্ত কৰিছে।
- দক্ষিণ মহাসাগৰ বা এণ্টাৰ্কটিকা মহাসাগৰ: ইয়াক কেতিয়াবা প্ৰশান্ত, আটলাণ্টিক আৰু ভাৰত মহাসাগৰৰ বহিৰাংশ হিচাবে গণ্য কৰা হয়[2] যি এণ্টাৰ্কটিকা মহাদেশক আবৰি ৰাখিছে।
- উত্তৰ মহাসাগৰ: ইয়াক কেতিয়াবা আটলাণ্টিক মহাসাগৰৰ এক সমুদ্ৰ হিচাবে গণ্য কৰা হয় যি সুমেৰুৰ অধিকাংশ অঞ্চল আৰু উত্তৰ আমেৰিকা আৰু ইউৰেছিয়াৰ একাংশ আবৰি ৰাখিছে।
নদী[উৎস সম্পাদনা]
নদী হ'ল পানীৰ প্ৰাকৃতিক জলধাৰা,[3] নদীৰ পানী সাধাৰণতে, মহাসাদৰ, হ্ৰদ, সাদৰ বা অন্য নদীলৈ বৈ যায়। কোনো কোনো ক্ষেত্ৰত নদী কোনো পানীৰ উৎস পোৱাৰ আগতেই শুকাই যায়।
জুৰি[উৎস সম্পাদনা]
হ্ৰদ[উৎস সম্পাদনা]
হ্ৰদ পানীৰ এটা বৃহৎ উৎস। কোনো এটা মহাদ্বীপত মহাসাগৰৰ অংশ নোহোৱা আৰু নদীৰ পানীৰে সৃষ্টি হোৱা পুখুৰীতকৈ ডাঙৰ আৰু গভীৰ জলাশয়ক হ্ৰদ বুলি গণ্য কৰা হয়।[4][5]
সাধাৰণতে পৰ্বতীয়া অঞ্চলত প্ৰাকৃতিক হ্ৰদসমূহ পোৱা যায়।
পুখুৰী[উৎস সম্পাদনা]
পুখুৰী হ'ল, হ্ৰদত কৈ সৰু, প্ৰাকৃতিক বা মানৱ সৃষ্ট, স্থিৰ পানীৰ এটা উৎস।
বায়ুমণ্ডল, জলবায়ু আৰু বতৰ[উৎস সম্পাদনা]
বায়ুমণ্ডল পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ প্ৰধান চালিকা শক্তি। পৃথিৱীৰ চাৰিওফালে থকা গেছৰ এই পাতল আৱৰণটো পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে। বায়ু সাধাৰণতে ৭৮% নাইট্ৰজেন, ২১% অম্লজান, ১% আৰ্গণ আৰু কাৰ্বন ডাই অক্সাইডৰ দৰে অন্য নিষ্ক্ৰিয় গেছেৰে গঠিত। বাকী গেছবোৰক প্ৰায়ে অৱশেষ হিচাপে গণ্য কৰা হয়,[6] যিবোৰৰ ভিতৰত, জলীয় বাষ্প, কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আৰু অজনৰ দৰে সেউজগৃহ গেছেই প্ৰধান। বিভিন্ন ৰাসায়নিক যৌগৰ অৱশেষো বায়ুত মিহলি হৈ থাকে। বায়ুৰে এটা অংশ ডাৱৰত বিভিন্ন পৰিমাণৰ জলীয় বাষ্প, প্ৰলম্বিত পানীৰ ক্ষুদ্ৰ টোপাল আৰু বৰফৰ স্ফটিকো থাকে। ধূলি, পৰাগ আৰু ৰেণু, সাগৰীয় পানীৰ কণা, আগ্নেয় ধুৱা আৰু মহাকাশীয় কণাৰ দৰে বহু প্ৰাকৃতিক পদাৰ্থও বায়ুত মিহলি হৈ থাকে। বিভিন্ন ঔদ্যোগিক প্ৰদূষক, যেনে ছালফাৰ ডাই অক্সাইডৰ দৰে ক্লৰিণ, ফ্লৰিণ, মাৰ্কাৰি আৰু ছালফাৰ আদিৰ মৌল বা যৌগও বায়ুত পোৱা যায়। [SO2].
বায়ুমণ্ডলৰ অজন তৰপে অতি বেঙুনীয়া ৰশ্মিৰ (UV) বিকিৰণ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই অতি বেঙুনীয়া ৰশ্মি চালৰ বাবে অত্যন্ত ক্ষটিকাৰক। এই অজন তৰপে অতি বেঙুনীয়া ৰশ্মিৰ দ্বাৰা হ'ব পৰা ডি. এন. এ.ৰ ক্ষটিসাধন ৰোধ কৰি জীৱকুলক ৰক্ষা কৰি আহিছে। তদুপৰি বায়ুমণ্ডলে ৰাতি তাপৰ সমতাও ৰক্ষা কৰো।
বায়ুমণ্ডলৰ স্তৰসমূহ[উৎস সম্পাদনা]
প্ৰধান স্তৰসমূহ[উৎস সম্পাদনা]
পৃথিৱীৰ বায়ুমণ্ডলক পাঁচটা প্ৰধান তৰপত ভাগ কৰা হৈছে। এই তৰপসমূহ বায়ুমণ্ডলক তাপৰ তাৰতম্যৰ ওপৰত নিৰ্ভশীল।
- এক্স'স্ফিয়াৰ : বায়ুমণ্ডলৰ একেবাৰে বাহিৰৰ স্তৰ, প্ৰধানকৈ হাইড্ৰজেন আৰু হিলিয়ামেৰে গঠিত।
- থাৰ্ম'স্ফিয়াৰ : ভূ-পৃষ্ঠৰ পৰা ৩৫০-৮০০ কিলোমিটাৰলৈ ই বিস্তৃত। আন্তৰাষ্ট্ৰীয় মহাকাশ আস্থান এই স্তৰতেই আছে।
- মেচ'স্ফিয়াৰ : ষ্ট্ৰেট'স্ফিয়াৰৰ ওপৰৰ স্তৰটো মেচ'স্ফিয়াৰ (Mesosphere) আৰু ভূ-পৃষ্ঠৰ পৰা ৮০-৮৫ কিলোমিটাৰলৈ ই বিস্তৃত। এই স্তৰটোত উষ্ণতাৰ পৰিমাণ আকৌ নিম্নলৈ আহে। অজনৰ গাঢ়তা এই স্তৰত কম হয়।
- ষ্ট্ৰেট'স্ফিয়াৰ : ট্ৰপ'স্ফিয়াৰৰ ওপৰত থকা স্থিৰ বায়ুমণ্ডলৰ স্তৰটোক ষ্ট্ৰেট'স্ফিয়াৰ (Stratosphere) বোলে আৰু এই স্তৰটো ৫১ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ থাকে। ট্ৰপ'স্ফিয়াৰৰ সৈতে এই স্তৰৰ ভৌতিক ধৰ্মবোৰ প্ৰায় একে। কেৱল উষ্ণতা ১০°-২০°চে.-লৈ বেছি হোৱা দেখা যায়। এই স্তৰটোত থকা অজন অণুবোৰ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিক পৃথিৱীলৈ অহাত বাধা দিয়ে।
- ট্ৰপ'স্ফিয়াৰ : বায়ুমণ্ডলৰ ভূ-পৃষ্ঠৰ লগতে লাগি থকা স্তৰটোক ট্ৰপ'স্ফিয়াৰ (Trposphere) বোলে। বায়ুমণ্ডলৰ সকলোবোৰ পৰিৱৰ্ত্তন এই স্তৰতে সংঘটিত হয়। ই ভূ-পৃষ্ঠৰ ৭ কিলোমিটাৰৰ পৰা ১৭ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ থাকে। বায়ুমণ্ডলত থকা প্ৰায় ৮০% গেছেই ট্ৰপ'স্ফিয়াৰত পোৱা যায়।
অন্য তৰপসমূহ
বায়ুমণ্ডলক তাপৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰকৰি ভাগ কৰা এই প্ৰধান পাঁচটা তৰপৰ উপৰিও অন্যান্য বৈশিষ্টৰ ভিত্তিত আৰু কেইবাটাও তৰপত ভাগ কৰা হৈছে।
- অ'জন তৰপ: অ'জন গেছৰ এই তৰপটো ষ্ট্ৰেট'স্ফিয়াৰত পোৱা যায়। প্ৰধানকৈ ষ্ট্ৰেট'স্ফিয়াৰৰ নিম্নাংশত প্ৰায় ১৫-৩৫ কিলোমিটাৰৰ ভিতৰত এই তৰপটো পোৱা যায়। ভৌগোলিকতা আৰু ঋতু সাপেক্ষে এই তৰপটোৰ গভীৰতা ভিন্ন হয়। বায়ুমণ্ডলৰ প্ৰায় ৯০% অ'জন ষ্ট্ৰেট'স্ফিয়াৰটে পোৱা যায়।
- আয়ন'স্ফিয়াৰ : এক্স'স্ফিয়াৰ আৰু থাৰ্ম'স্ফিয়াৰ দুয়োটা স্তৰতে থকা এই তৰপটো সৌৰ-বিকিৰণৰ দ্বাৰা আয়নিত হৈ থাকে। বায়ুমণ্ডলৰ প্ৰায় ৫০-১০০০ কিলোমিটাৰৰ ভিতৰত এই তৰপটো পোৱা যায়। ইয়াৰ পিছতেই মেগনেট'স্ফিয়াৰ আৰম্ভ হয়।
- হম'স্ফিয়াৰ আৰু হেটাৰ'স্ফিয়াৰ : হম'স্ফিয়াৰত ট্ৰপ'স্ফিয়াৰ, ষ্ট্ৰেট'স্ফিয়াৰ আৰু মেচ'স্ফিয়াৰক অন্তৰ্ভুক্ত কৰা হয়। হেটাৰ'স্ফিয়াৰৰ ওপৰৰ অংশটৌ প্ৰধানকৈ, আটাইতকৈ পাতল মৌল হাইড্ৰজেনৰ দ্বাৰা গঠিত।
- গোলকীয় সীমা স্তৰ: ট্ৰপ'স্ফিয়াৰৰ এটা অংশ। পৃথিৱী পৃষ্ঠৰ একেবাৰে ওচৰৰ এই স্তৰটো পৃথিৱী পৃষ্ঠৰ, বিশেষকৈ বায়ুমণ্ডলীয় বিক্ষোভৰ প্ৰসাৰৰ দ্বাৰা প্ৰতক্ষ ভাৱে প্ৰভাৱিত হয়।
গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিণাম[উৎস সম্পাদনা]
গোলকীয় উষ্ণতা বৃদ্ধিৰ সম্ভাৱিত পৰিণাম সম্পৰ্কে বিশেষজ্ঞৰ দলসমূহে ধাৰাবাহিকভাৱে অধ্যয়ন কৰি আছে। আমাৰ প্ৰাকৃতিক পৰিৱেশ আৰু গ্ৰহটোত হ'ব পৰা সম্ভাব্য পৰিণতি সম্পৰ্কে তেওঁলোকে বিস্তৃত আলোচনা কৰিছে। জলবায়ুৰ পৰিবৰ্তন, মানৱজনিত গোলকীয় উষ্ণতা বৃদ্ধি, মানৱ সৃষ্ট সেউজগৃহ গেছৰ উন্মুক্তকৰণ, লক্ষণীয় ভাৱে বৃদ্ধি পোৱা কাৰ্বন ডাই অক্সাইড আদিয়ে এটাই আনটোক প্ৰভাৱিত কৰাৰ লগতে পৃথিৱী, ইয়াৰ পৰিৱেশ আৰু মানৱ জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। এইটো স্পষ্টযে আমাৰ গ্ৰহটো ক্ৰমান্বয়ে গৰম হৈ গৈ আছে। শেহতীয়াকৈ ইণ্টাৰগভাৰমেণ্টেল পেনেল অন ক্লাইমেট চেইঞ্জে (Intergovernmental Panel on Climate Change, বিশ্বৰ এটা আগশাৰীৰ জলবায়ু বিশেষজ্ঞৰ গোট) প্ৰকাশ কৰা মতে, ১৯৯০ চনৰ পৰা ২১০০ চনলৈ পৃথিৱীৰ উষ্ণতা প্ৰায় ২.৭ ৰ পৰা ১১ ডিগ্ৰী ফাৰেণহাইট বৃদ্ধি পাব। সেউজগৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ প্ৰতি বিশেষভাৱে ধ্যান দিয়া হৈছে, মানুহ, অন্য প্ৰাণী, আৰু উদ্ভিদ প্ৰজাতি, পৰিৱেশ তন্ত্ৰ, অঞ্চল আৰু ৰাষ্ট্ৰৰ ওপৰত প্ৰভাৱ পেলোৱা গোলকীয় উষ্ণতা বৃদ্ধি প্ৰতিৰোধৰ বাবে অনুকূল কৌশল বিকশিত কৰাত গুৰুত্ব আৰোপ কৰিছে। জলবায়ুৰ পৰিবৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি প্ৰতিবোধৰ প্ৰতি সহযোগ কৰা এনে কিছুমান উদাহৰণ হ'ল:
- The United Nations Framework Convention Treaty and convention on Climate Change, বায়ুমণ্ডলত জলবায়ু পৰিবৰ্তনৰ বিপদজনক ক্ৰিয়াবোৰ প্ৰতিৰোধৰ বাবে সেউজগৃহ গেছৰ ঘনত্ব নিৰ্ধাৰণ কৰা
- The Western Climate Initiative, সেউজগৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ কৌশল উদ্ভাৱন কৰা।
জলবায়ু[উৎস সম্পাদনা]
কোনো এটা ভৌগোলিক অঞ্চলৰ তাপ, আৰ্দতা, বায়ুমণ্ডলীয় চাপ, বতাহ, বৰষুণ, বায়ুমণ্ডলীয় উপাদানৰ পৰিমাণ আৰু অন্য অসংখ্য ধাতৱ মৌলৰ পৰিমাণ আদিৰ দীঘলীয়া সময়ৰ পৰিসাংখিকিকে জলবায়ু বোলে। অন্য অৰ্থত দীঘলীয়া সময়ৰ বাবে বতৰৰ পৰিবৰ্তনেই জলবায়ু।
বতৰ[উৎস সম্পাদনা]
কোনো এটা নিৰ্দিষ্ট সময়ত কোনো এটা নিৰ্দিষ্ট বায়ুমণ্ডলীয় অঞ্চলত সংঘটিত হোৱা পৰিঘটনাসমূহকে বতৰ বোলে। বতৰৰ বেছিভাগ পৰিঘটনা টপস্ফিয়াৰত সংঘটিত হয়। যিকোনো এটা অঞ্চলৰ উষ্ণতা বা অন্যান্য উপাদনবোৰৰ দৈনিক পৰ্বৰ্তনেই বতৰ আৰু এই পৰিবৰ্তনসমূহৰ এটা দীঘলীয়া সময়ৰ পৰিসাংখিকিয়েই জলবায়ু।
যিকোনো এখন ঠাইৰ ঘনত্ব (তাপ আৰু জলীয় বাষ্প) পৰিবৰ্তনৰ ফলতেই বতৰৰ পৰিবৰ্তন হয়। সূৰ্যৰ ৰশ্মিৰ আপতিত কোণৰ পৰিবৰ্তনৰ বাবেই এই পৰিবৰ্তনবোৰৰ সৃষ্টি হয়। অস্থিৰ বায়ুৰ বোবে চাইক্লন, ধুমুহা আদিৰ সৃষ্টি হয়। পৃথিৱী পৃষ্ঠৰ উষ্ণতা বছৰি প্ৰায় ±৪০ °C (১০০ °F −৪০ °F)
পৃথিৱী পৃষ্ঠৰ উষ্ণতা, পৃষ্ঠ চাপৰ পৰিবৰ্তনৰ বাবে ভিন্ন হোৱা দেখা যায়। ওখ অঞ্চলসমূহ সাধাৰণতে ঠাণ্ডা হয়।
জীৱন[উৎস সম্পাদনা]
পৃথিৱীত জীৱন প্ৰায় ৩৭০০ নিযুত বছৰ ধৰি বৰ্তি আছে বুলি প্ৰমাণ পোৱা গৈছে।[7] পৃথিৱীৰ সকলো জীৱ, এককোষী জীৱৰ পৰাই সৃষ্টি হৈছে বুলি কোৱা হয়। কিন্তু জীৱ উৎপত্তিৰ তত্ত্ব সমন্ধে এতিয়াও বহু মতবিৰোধ পৰিলক্ষিত হয়।
সাধাৰণতে সংৰচনা, বিপাক, বৃদ্ধি আৰু বিকাশ, অভিযোজন, উদ্দীপকৰ প্ৰতি সঁহাৰি আৰু প্ৰজননৰ দ্বাৰা বহু বিজ্ঞানীয়ে জীৱৰ উৎপত্তি বিশেষীকৰণ কৰে, যদিও ইয়াৰ কোনো সৰ্বসন্মত সংজ্ঞা নাই।[8] সহজ ভাষাত জীৱসমূহৰ গুণগত অৱস্থাই জীৱন। জীৱবিজ্ঞানৰ মতে, বৃদ্ধিৰ সক্ষমতা, শাৰীৰিক কাৰ্য আৰু মৃত্যুলৈকে ধাৰাবাহিক পৰিবৰ্তনকে ধৰি, অন্য ভৌতিক পদাৰ্থৰ পৰা জীৱসমূহক পৃথক বুলি চিনাক্ত কৰিব পৰা প্ৰাথমিক চৰ্তটোৱেই হ'ল জীৱন।[9][10]
পৃথিৱীৰ জৈৱমণ্ডলত বিভিন্ন ধৰণৰ জীৱ পোৱা যায়, এই জীৱসমূহৰ (উদ্ভিদ, প্ৰাণী, ভেঁকুৰ, প্ৰটিষ্টা, আৰ্কিয়া আৰু বেক্টেৰিয়া) সাধাৰণ লক্ষণবোৰ হ'ল- কাৰ্বন আৰু পানীৰ আধাৰত গঠিত কোষৰ জটিল সংৰচনা আৰু বিৱৰ্তনিক জিনীয় তথ্য। জীৱসমূহে বিপাক কাৰ্য সংঘটিত কৰে, সমাৱস্থান ৰক্ষা কৰে, বৃদ্ধিৰ সক্ষমতা দেখুৱাই, উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়, প্ৰজনন কৰে আৰু এটা সফল প্ৰজন্ম হিচাপে, প্ৰাকৃতিক নিৰ্বাচনৰ জৰিয়তে পৰিৱেশৰ লগত অভিযোজন কৰে।
পৰিবেশ তন্ত্ৰ[উৎস সম্পাদনা]
যি বিশেষ পদ্ধতিত কোনো বসতি স্থানৰ জীৱগোষ্ঠীবোৰে এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিৱেশৰ কাৰকৰ লগত প্ৰতিক্ৰিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে তাকে পৰিৱেশ তন্ত্ৰ বোলে।[11]
বাস্তৱ্যবিদ ওডামৰ (Odum, 1971) মতে "পৰিৱেশ তন্ত্ৰ" হ’ল এটা নিৰ্দিষ্ট অঞ্চলৰ ভৌতিক পৰিৱেশৰ লগত আন্তঃক্ৰিয়াশীল সকলো প্ৰকাৰৰ জীৱক সাঙুৰি লোৱা (অৰ্থাৎ জৈৱ সম্প্ৰদায়) এটা সমষ্টি য’ত শক্তিৰ প্ৰৱাহে স্পষ্টভাবে ইয়াৰ খাদ্যস্তৰৰ গঠন, জৈৱবৈচিত্ৰ্য আৰু পদাৰ্থৰ চক্ৰীভৱন (অৰ্থাৎ জীৱিত আৰু নিৰ্জীৱ উপাংশৰ মাজত হোৱা পদাৰ্থৰ বিনিময়) পৰিছালনা কৰে। "[12]
বায়ম[উৎস সম্পাদনা]
বায়মবোৰ পৰিভাষিক ভাৱে পৰিৱেশতন্ত্ৰ সৈতে একে, জলবায়ু আৰু ভৌগোলিকভাৱে নিৰ্ধাৰণ কৰা কিছুমান পৰিৱেশগত ভাৱে সদৃশ জলবায়ুৰ অঞ্চল। উদ্ভিদৰ প্ৰকাৰ (যেনে বৃক্ষ, গুল্ম, আৰু তৃণ), পাতৰ প্ৰকাৰ (যেনে বহল পাত আৰু দীঘলীয়া পাত), উদ্ভিদৰ ঘনত্ব (অৰণ্য, কাঠনি, তৃণভূমি), আৰু জলবায়ুৰ ওপৰত ভিত্তি কৰি বায়মবোৰ ভাগ কৰা হৈছে, পৰিৱেশমণ্ডলৰ দৰে বংশগতি, বিৱৰ্তন বা ইতিহাসৰ ওপৰত ভিত্তি কৰি নহয়।
জৈৱৰাসায়নিক চক্ৰ[উৎস সম্পাদনা]
| জৈৱৰাসায়নিক চক্ৰসমূহ | ||||||||||
গোলকীয় জৈৱৰাসায়নিক চক্ৰবোৰে জীৱৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়, এনে কেইটামান প্ৰধান চক্ৰ হ'ল- নাইট্ৰ'জেন চক্ৰ, জল চক্ৰ, কাৰ্বন চক্ৰ, অক্সিজেন চক্ৰ আৰু ফছফৰাছ চক্ৰ।
- নাইট্ৰ'জেন চক্ৰ: পকৃতিত নাইট্ৰ'জেন আৰু নাইট্ৰ'জেনযুক্ত যৌগসমূহৰ আদান-প্ৰদানেই নাইট্ৰ'জেন চক্ৰ। এই চক্ৰত গেছীয় যৌগবোৰ জড়িত হৈ থাকে।
- জল চক্ৰ: পৃথিৱী পৃষ্ঠৰ তলেদি আৰু ওপৰেদি ধাৰাবাহিকভাৱে হোৱা পানীৰ চলাচলেই জল চক্ৰ। জল চক্ৰ ভিন্ন পৰ্যায়ত পানীৰ অৱস্থাও তৰল, গেছীয় আৰু গোটালৈ পৰিবৰ্তন হয়।
- কাৰ্বন চক্ৰ: পৃথিৱীৰ জৈৱমণ্ডল, স্থলমণ্ডল, ভূমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডলৰ মাজত হোৱা কাৰ্বনৰ আদান-প্ৰদানেই কাৰ্বন চক্ৰ।
- অক্সিজেন চক্ৰ: বায়ুমণ্ডল, জৈৱমণ্ডল আৰু ভূমণ্ডলৰ মাজত হোৱা অক্সিজেনৰ সৰবৰাহেই অক্সিজেন চক্ৰ। ইয়াৰ প্ৰধান কাৰক হ'ল সালোক সংশ্লেষণ।
- ফছফৰাছ চক্ৰ: জলমণ্ডল, জৈৱমণ্ডল আৰু ভূমণ্ডলৰ মাজত হোৱা ফছফৰাছৰ আদান-প্ৰদানেই ফছফৰাছ চক্ৰ। এই চক্ৰত বিশেষ ভূমিকা নাই, কাৰণ পৃথিৱীৰ সাধাৰণ উষ্ণতাত ফছফৰাছ আৰু ইয়াৰ যৌগসমূহ কঠিন অৱস্থাতেই পোৱা যায়।
বনাঞ্চল[উৎস সম্পাদনা]
বনাঞ্চল বুলিলে সাধাৰণতে পৃথিৱীৰ সেইবোৰ প্ৰাকৃতিক পৰিৱেশক বুজাই, যিবোৰ অঞ্চল মানুহৰ কাৰ্যৰ দ্বাৰা পৰিবপৰা যিকোনো প্ৰভাৱৰ পৰা মুক্ত। The WILD Foundationৰ মতে বনাঞ্চল হ'ল: " আমাৰ গ্ৰহটোত থকা একেবাৰে অক্ষত, নিৰ্জন বন্য প্ৰাকৃতিক অঞ্চল - যিবোৰত সঁচা অৰ্থত মানুহে পৰিচালনাৰ নকৰে আৰু ৰাস্তা, পাইপ লাইন বা অন্য ঔদ্যোগিক নিৰ্মাণ কাৰ্য নকৰে। "[13] বনাঞ্চল আৰু সুৰক্ষিত উদ্যানসমূহ, কিছুমান নিৰ্দিষ্ট প্ৰজাতিৰ জীৱন ধাৰণ, পৰিৱেশ তন্ত্ৰ অধ্যয়ন, সংৰক্ষণ, নিৰ্জনতা, আৰু পূনৰ্নিৰ্মাণৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। সাংস্কৃতিক, আধ্যাত্মিক, নৈতিক, আৰু কলাত্মক ভাবে বনাঞ্চল অতি মূল্যৱান।
বন্যজীৱ বুলিলে মানুহে কৰ্ষণ বা পোহনীয়া নকৰা উদ্ভিদ, প্ৰাণী বা অন্য জীৱক বুজায। মানুহে নিজৰ লাভৰ বাবে বনৰীয়া উদ্ভিদ বা প্ৰাণী প্ৰজাতিসমূহ ঘৰুৱা কৰাৰ ফলত পৰিবেশৰ ওপৰত ধনাত্মক আৰু ঋণাত্মক দুয়ো প্ৰকাৰৰ প্ৰভাৱ পৰে। সকলো পৰিৱেশতে বন্যজীৱ পোৱা যায়। মৰুভূমি, বৰ্ষৰণ্য, সমভূমি আৰু অতি উন্নত নগৰীয়া অঞ্চলকে ধৰি যিকোনো অঞ্চলতেই কিছুমান নিৰ্দিষ্ট বন্যজীৱ পোৱা যায়। বন্যজীৱ বুলিলে যদিও মানৱ সভ্যতাই স্পৰ্ষ নকৰা জীৱসমূহক বুজায়, তথাপি বৰ্তমান মানুহৰ কাৰ্যৰ দ্বাৰা এইবোৰ কিছু পৰিমাণে হ'লেও প্ৰভাৱিত হৈছে।
পৰিস্থিতি বিজ্ঞান::
পৰিস্থিতি বিজ্ঞান (ইংৰাজী: Ecology) হৈছে কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ ভৌতিক পৰিৱেশৰ লগত সেই অঞ্চলৰ সকলো প্ৰকাৰৰ জীৱৰ আন্তঃক্ৰিয়াসমূহৰ বৈজ্ঞানিক অধ্যয়ন। জীৱবিজ্ঞান আৰু ভূবিজ্ঞানক সাঙুৰি ই এটা বহু শাখাযুক্ৰ ক্ষেত্ৰ। পৰিস্থিতি বিজ্ঞানে জীৱসমূহৰ পৰস্পৰৰ, অন্য জীৱ আৰু পৰিৱেশৰ অজৈৱ উপাদানৰ লগত কৰা আন্তঃক্ৰিয়াসমূহৰ অধ্যয়ন কৰে। কোনো এটা জীৱৰ বিচিত্ৰতা, বিস্তাৰ, পৰিমাণ (জৈৱভৰ), আৰু সংখ্যা (জনসংখ্যা); লগতে অন্য জীৱৰ সৈতে কৰা সহযোগিতা আৰু প্ৰতিযোগিতা, আদি পৰিস্থিতিবিদৰ বাবে আগ্ৰহৰ বিষয়।
পৰিস্থিতি বিজ্ঞান, পৰিৱেশ, পৰিৱেশতত্ত্ব, পৰিৱেশীয় ইতিবৃত্ত বা পৰিৱেশ বিজ্ঞানৰ সমাৰ্থক নহয়। ই বিৱৰ্তনীয় জীৱবিদ্যা, বংশগতিবিদ্যা, আৰু এথ'লজিৰ নিকট সম্বন্ধীয়। পৰিস্থিতি বিজ্ঞানীয়ে তলৰ বিষয়বোৰৰ বিশ্লেষণ কৰাৰ প্ৰচেষ্টা কৰে:
- জীৱন প্ৰক্ৰিয়া, আন্তঃক্ৰিয়া আৰু অভিযোজন,
- জীৱন মাজেৰে প্ৰৱাহিত পদাৰ্থ আৰু শক্তি,
- পৰিৱেশ তন্ত্ৰৰ বিকাশ,
- পৰিৱেশৰ ভিত্তিত জীৱৰ পৰিসৰ আৰু বিস্তাৰ আৰু জৈৱবিচিত্ৰতা।
পৰিস্থিতি বিজ্ঞান একপ্ৰকাৰৰ মানৱ বিজ্ঞান। সংৰক্ষণ জীৱবিদ্যা, জলাশয় পৰিচালনা, পাকৃতিক সম্পদ পৰিচালনা (কৃষিপৰিস্থিতি বিজ্ঞান, কৃষি, বনাঞ্চল, মীন পালন), নগৰ পৰিচালনা (নগৰ পৰিস্থিতি বিজ্ঞান), সামাজিক স্বাস্থ্য, অৰ্থনীতি, সাঘাৰণ বিজ্ঞান আৰু প্ৰায়োগিক বিজ্ঞান, আৰু মানুহৰ সামাজিক আন্তঃক্ৰিয়া (মানৱ পৰিস্থিতি বিজ্ঞান) আদি বিভিন্ন দিশত ইয়াৰ ব্যৱহাৰিক প্ৰয়োগ দেখা পোৱা যায়।
প্ৰদূষণ::
মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্য্যই পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাই। কেতিয়াবা কোনো অনিষ্টকাৰী পদাৰ্থ আমাৰ চৌপাশে থকা মাটি, পানী আৰু বায়ুত প্ৰৱেশ কৰি এইবোৰৰ স্বাভাৱিক বৈশিষ্ট্যবোৰ (যেনে: মাটিত থকা খনিজ পদাৰ্থ, বেক্টেৰিয়া, কেঁচু আদি অনেক সৰু সৰু জীৱ, পানীত থকা অক্সিজেন, হাইড্ৰ'জেন আৰু বায়ুত থকা অক্সিজেন কাৰ্বন-ডাই-অক্সাইড আদি) নষ্ট কৰে। তাৰ ফলত বায়ু, পানী, মাটি জীৱ-জগতৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে আৰু জীৱ-জগতৰ ক্ষতি সাধন হয়। পৰিৱেশৰ এনেদৰে দূষিত হোৱা ঘটনাই হ'ল প্ৰদূষণ বা পৰিৱেশ দূষিতকৰণ।
প্ৰকাৰভেদ[উৎস সম্পাদনা]
প্ৰদূষণ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে।
- বায়ু প্ৰদূষণ: বায়ুমণ্ডলত যদি মানব শৰীৰ বা আন জীৱকুলত প্ৰভাব পেলাব পৰা ক্ষতিকাৰী পদাৰ্থৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পাই, তেনে পৰিস্থিতিত বায়ু প্ৰদূষণ হোৱা বুলি কোৱা যায়। এনে প্ৰদূষণ সৃষ্টিকাৰী গেছীয় পদাৰ্থৰ ভিতৰত প্ৰধান হৈছে কাৰ্বন মনক্সাইড, ছালফাৰ ডাইঅক্সাইড, ক্লৰফ্লৰকাৰ্বন, নাইত্ৰজেন ডাইঅক্সাইড ইত্যাদি। এনে প্ৰদূষকবোৰ সাধাৰণতে উদ্যোগিক আবৰ্জনা তথা ইন্ধনৰ দহন আৰু যাতায়তৰ বাবে ব্যৱহৃত বাহনৰ পৰা নিৰ্গত হয়।
- জল প্ৰদূষণ: খোৱা পানী বা সমুদ্ৰৰ লুণীয়া পানীত যদিহে এনে কোনো জৈৱ-অজৈৱ বা ৰাসায়নিক পদাৰ্থৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পাই, যিবোৰে পানীৰ গুণাগুণ নষ্ট কৰাৰ লগতে ইয়াত বাস কৰা জীৱ-জন্তুৰো অনিষ্ট সাধন কৰে, তেনে পৰিস্থিতিত পানী প্ৰদূষন হোৱা বুলি কোৱা যায়। জল প্ৰদূষণ সৃষ্টি কৰা প্ৰদূষকবোৰৰ ভিতৰত অন্যতম হৈছে খেতি পথাৰত ব্যবহৃত বিষাক্ত কীটনাশক তথা ৰাসাইয়নিক সাৰ, উদ্যোগসমূহৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থ আদি।
- শব্দ প্ৰদূষণ: কেতিয়াবা বতাহত ভাহি অহা কিছুমান অবাঞ্চিত শব্দই মানুহ বা আন জীৱকূলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাই। তেনে পৰিস্থিতিতেই আমি শব্দ প্ৰদূষণ হোৱা বুলি কওঁ।
- স্থল প্ৰদূষণ: ত্ৰুটিপুৰ্ণ কৃষি পদ্ধতি ,বেহিচাপী ভূতলৰ খনন, উদ্যোগ তথা চহৰ নগৰৰ আৱৰ্জনা নিষ্কাসনৰ সঠিক পদ্ধতিৰ অভাৱৰ বাবে পৃথিৱীৰ উপৰিভাগত থকা মাটিভাগৰ গুণগত মাণদণ্ডৰ ব্যাপক হাৰত অৱনতি ঘটাকে আমি সাধাৰণতে স্থল প্ৰদূষণ বুলি কওঁ। কৃষিকাৰ্যত ব্যবহাৰ হোৱা ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যাপক প্ৰয়োগ তথা আবৰ্জনা নিষ্কাষনৰ বিজ্ঞানসন্মত উপায়ৰ অভাবো ইয়াৰ অন্যতম কাৰক।
- তেজস্ক্ৰীয় প্ৰদূষণ
মানুহৰ জীৱনত প্ৰদূষণৰ প্ৰভাৱ[উৎস সম্পাদনা]
প্ৰতিকূল বায়ু সেৱন কৰাৰ ফলত মানুহকে আদি কৰি অন্যান্য জীৱ-জন্তু মৃত্যু মুখত পৰিব পাৰে। অজন গেছৰ প্ৰদূষণৰ ফলত মানুহৰ শ্বাস- প্ৰশ্বাস জনিত ৰোগ,হৃদৰোগ,বুকুৰ বিষ আদিয়ে দেখা দিব পাৰে। বীজাণুযুক্ত পানী খোৱাৰ ফলত প্ৰতিদিনে প্ৰায় ১৪০০ জন লোক মৃত্যু মুখত পৰিব লগা হয়। প্ৰায় ১০০০ জন শিশুৱে গ্ৰহণী জনিত ৰোগত প্ৰতি দিনে ভাৰতত মৃত্যুক সাৱতি লয়। শব্দ প্ৰদূষণৰ ফলত আমাৰ শ্ৰৱণ ক্ষমতা হ্ৰাস হোৱাৰ উপৰিও উচ্চ ৰক্ত-চাপ,নিদ্ৰাহীনতা আদিৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা দেখা দিয়ে।
সেউজ গৃহ প্ৰভাৱ::
সেউজ গৃহ প্ৰভাৱ (ইংৰাজী: Green house effect) বিভিন্ন উৎসৰ পৰা ওলোৱা ধূলি, ধোৱা বাষ্প আদিয়ে বায়ুমণ্ডলক আচ্ছাদিত কৰি কুঁৱলীৰ সৃষ্টি কৰে। এই কুঁৱলীৰ ফলত বায়ুমণ্ডলৰ অস্পষ্টতা বাঢ়ে। বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি গ’লে সূৰ্যৰ পৰা বিকিৰিত ৰশ্মি কুঁৱলী আৰু কাৰ্বন-ডাই-অক্সাইডৰ তৰপ ভেদ কৰি ওলাই যাব নোৱাৰে। ফলত পৰিবেশৰ উষ্ণতা বাঢ়ে। ইয়াক সেউজ গৃহ প্ৰভাৱ বোলে। মুখ্য সেউজ গৃহ গেছবোৰ হ’ল কাৰ্বন-ডাই-অক্সাইড, অ'জন, মিথেন, নাইট্ৰাছ অক্সাইড, ক্লৰ’ফ্লৰ’কাৰ্বন (CFCs) আৰু জলীয় বাষ্প।[1]
বায়ুমণ্ডলত এই গেছবোৰৰ শতকৰা পৰিমাণ হ’ল –
- কাৰ্বন-ডাই-অক্সাইড – ৫০%
- মিথেন – ১০%
- চি.এফ.চি – ১৭%
- অ’জন – ৮%
- নাইট্ৰাছ অক্সাইড – ৪%
- জলীয় বাষ্প – ২%[1]
সেউজ গৃহ গেছসমূহ[উৎস সম্পাদনা]
সূৰ্যৰ পোহৰ সেউজ গৃহ আৱৰণেদি পাৰ হৈ আহি ভূ-পৃষ্ঠৰ ওপৰত পৰে আৰু ভূ-পৃষ্ঠই ইয়াক পুনৰ প্ৰতিফলিত কৰি পঠাই দিয়ে। কিন্তু সেউজ গৃহ আৱৰণে আৰু কাৰ্বন-ডাই-অক্সাইডৰ তৰপে এই তাপখিনিক সম্পূৰ্ণৰূপে পুনৰ ঘূৰি যোৱাত বাধা প্ৰদান কৰে। ফলত এই তাপে পৃথিৱী পৃষ্ঠৰ উষ্ণতা ক্ৰমাৎ বঢ়াই দিয়ে। বায়ুমণ্ডলৰ ট্ৰপ’স্ফিয়াৰত থকা এই সেউজ গৃহ গেছসমূহ –
- কাৰ্বন-ডাই-অক্সাইড (CO2)
গোলকীয় উত্তাপ বৃদ্ধিত ৫০ শতাংশ অৰিহণা যোগায় বায়ুমণ্ডলত থকা কাৰ্বন-ডাই-অক্সাইড গেছে॥এই গেছৰ প্ৰধান উৎসসমূহ হ’ল – জীৱাষ্ম ইন্ধনৰ দহন (৬৭%) আৰু বনাঞ্চল ধ্বংস, বিভিন্ন কাৰণত ভূমি পৰিষ্কাৰ আৰু দহন (৩৩%), যিকোনো কাৰ্বনযুক্ত পদাৰ্থৰ দহন ইত্যাদি। কাৰ্বন-ডাই-অক্সাইড বায়ুমণ্ডলত প্ৰায় ৫৫০ বছৰলৈ থাকে। বায়ুমণ্ডলত ইয়াৰ গাঢ়তা ১৯৯০ চনত ৩৫৫ ppm আছিল কিন্তু তাৰ পিছত প্ৰতি বছৰে এই গাঢ়তা ১.৫ শতাংশ হাৰত বাঢ়ি আছে।[1]
- ক্লৰ’ফ্লৰ' কাৰ্বন (CFC)
গোলকীয় উত্তাপ বৃদ্ধিত ক্লৰ’ফ্লৰ'কাৰ্বনে ২৪ শতাংশ অৰিহণা যোগায়। তদুপৰি এই ক্লৰ’ফ্লৰ'কাৰ্বন বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়াৰত থকা অ’জন স্তৰো বিভংগনৰ মূল কাৰণ। ইয়াক কেইবাটাও ৰূপত পোৱা যায়। তাৰে ভিতৰত চি.এফ.চি ১১ আৰু চি.এফ.চি ১২ প্ৰধান। ক্লৰ’ফ্লৰ'কাৰ্বনৰ মূল উৎসসমূহ হ’ল – শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ, ফ্ৰীজ, সুগন্ধি স্প্ৰে, উদ্যোগিক আৱৰ্জনা, প্লাষ্টিক ফ’ম (foam) উৎপাদন, এৰ’ছল (aerosole), প্ৰ’পেলেণ্ট (propellants) ইত্যাদি। চি.এফ.চি.ৰ বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়াৰ স্তৰ ঢুকি পাবলৈ ১০-১৫ বছৰ লাগে। কিন্তু ইয়াৰ এটা অণুই কাৰ্বন-ডাই-অক্সাইডতকৈ ১৫০০-৭০০০ গুণ বেছি তাপ শোষিত কৰি লব পাৰে। বায়ুমণ্ডলত ক্লৰ’ফ্লৰ'কাৰ্বনৰ গাঢ়তা ০.০০২২৫ ppm যদিও বাৰ্ষিক ০.৫ শতাংশ হাৰত এই গাঢ়তা বৃদ্ধি হৈ আছে।[1]
- মিথেন (CH4)
গোলকীয় উষ্ণতা বৃদ্ধিত মিথেন গেছে ১৮ শতাংশ অৰিহনা যোগায়। ইয়াৰ মুখ্য উৎস হ’ল পিতনি, ধাননি, প্ৰকৃতিৰ আৰ্দ্ৰ অঞ্চল, গৰু, ম’হ, ভেড়া আৰু উঁই পৰুৱাৰ পাচন নলী ইত্যাদি। এই উল্লিখিত স্থানসমূহত বেক্টেৰিয়াই মৃত জৈৱ পদাৰ্থ সমূহক সৰল অৱস্থালৈ অনা প্ৰক্ৰিয়াত মিথেন গেছৰ সৃষ্টি হয়। তেল আৰু প্ৰাকৃতিক গেছৰ উৎপাদন আৰু ব্যৱহাৰ তথা জৈৱ পদাৰ্থৰ অসম্পূৰ্ণ দহন ইত্যাদিয়েও মিথেন গেছ প্ৰস্তুত হোৱাত সহায় কৰে। মিথেন গেছ বায়ুমণ্ডলত ৭-১০ বছৰলৈ থাকে। গোলকীয় উষ্ণতা বৃদ্ধিত মিথেন গেছ কাৰ্বন-ডাই-অক্সাইডতকৈ ২৫ গুণ বেছি শক্তিশালী। বায়ুমণ্ডলত মিথেনৰ গাঢ়তা ১.৬৭৫ ppm যদিও বাৰ্ষিক ১ শতাংশ হিচাপত ইয়াৰ গাঢ়তা বৃদ্ধি হৈ আছে।[1]
- নাইট্ৰাছ অক্সাইড (N2O)
নাইট্ৰাছ অক্সাইডে গোলকীয় উষ্ণতা বৃদ্ধিলৈ ৬ শতাংশৰ বৰঙনি যোগায়। নাইট্ৰাছ অক্সাইডে গোলকীয় উষ্ণতা বৃদ্ধি কৰাৰ উপৰিও অ’জন স্তৰৰো বিভংগন ঘটায়। ইয়াৰ মূল উৎস হৈছে জৈৱভৰ দহন, কয়লাৰৰ দহন, ৰাসায়নিক সাৰ, মাটি নিকাকৰণ, নাইট্ৰেড যুক্ত ভূ-গৰ্ভৰ পানী ইত্যাদি। ট্ৰপ’স্ফিয়াৰত ইয়াৰ আয়ুস ১৪০-১৯০বছৰ। ইয়াৰ তাপ শোষণ কৰিব পৰা ক্ষমতা কাৰ্বন-ডাই-অক্সাইডতকৈ ২৩০ গুণ বেছি। বায়ুমণ্ডলত নাইট্ৰাছ অক্সাইডৰ গাঢ়তা ০.৩ ppm কিন্তু বাৰ্ষিক ০.২ শতাংশ হাৰত বৃদ্ধি হৈ আছে। ইয়াৰ উপৰিও অ’জন, কাৰ্বন-মনক্সাইড আদি গেছে গোলকীয় উষ্ণতা বৃদ্ধিত প্ৰায় ১২ শতাংশ বৰঙনি আগবঢ়ায়।[1]
সেউজ গৃহ প্ৰভাৱৰ পৰিণাম[উৎস সম্পাদনা]
সেউজ গৃহ প্ৰভাৱৰ ফলস্বৰূপে কেৱল গোলকীয় উষ্ণতা বৃদ্ধি হোৱাই নহয়, ই জলবায়ু আৰু প্ৰাকৃতিক পদ্ধতি সমূহৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলায়।
- গোলকীয় উষ্ণতা বৃদ্ধি
সেউজ গৃহ প্ৰভাৱৰ বাবে বিগত ৩০ বছৰৰ ভিতৰত গোলকীয় উষ্ণতা ০.৫°C বৃদ্ধি পাইছে। যদি এই সেউজ গৃহ প্ৰভাৱৰ বাবে জগৰীয়া গেছসমূহ বৰ্তমানৰ হাৰতে বৃদ্ধি পাই থাকে তেনেহ’লে ২০৫০ চনত গোলকীয় উষ্ণতা ১.৫° ছে.ৰ পৰা ৫.৬° ছে. পৰ্য্যন্ত বৃদ্ধি পাব পাৰে।
- সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি
গোলকীয় উষ্ণতা বৃদ্ধিৰ লগে লগে সাগৰ পৃষ্ঠৰো উচ্চতা বৃদ্ধি পায়। কাৰণ ভূ-পৃষ্ঠৰ উষ্ণতা বঢ়াৰ ফলত মেৰু অঞ্চল আৰু পৰ্বত, পাহাৰৰ বৰফ গলি সাগৰ পৃষ্ঠৰ উচ্চতা বঢ়াই দিয়ে।
- মানুহৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ
গোলকীয় উষ্ণতা বৃদ্ধিয়ে বৃষ্টিপাতৰ ওপৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায়। অতিপাত বৃষ্টিৰ ফলত বানপানী, মহামাৰী আদি সমস্যাই দেখা দিয়ে।
- কৃষিৰ ওপৰত প্ৰভাৱ
বিশ্বৰ বিভিন্ন অঞ্চলত বিভিন্ন কৃষিকাৰ্য্যৰ ওপৰত উষ্ণতা বৃদ্ধিয়ে প্ৰতিকূল আৰু অনুকূল দুয়োটা প্ৰভাৱ পেলোৱা দেখা যায়। মাটিৰ আৰ্দ্ৰতা কমি যায় আৰু উদ্ভিদৰ বাষ্পীভৱনৰ মাত্ৰা বাঢ়ে। তদুপৰি বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিয়ে বিভিন্ন শস্যৰ অনিষ্টকাৰী কীটৰ বংশবৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰিও সেউজ গৃহ প্ৰভাৱৰ ফলস্বৰূপে মৰুভূমিৰ আকাৰ বৃদ্ধি, জলাশয়ৰ পানীৰ বাষ্পীভৱন, গৰম বতাহ, বানপানী, খৰাং বতৰ, জৈৱ বৈচিত্ৰ্য হ্ৰাস আদি সমস্যাই দেখা দিয়ে।[1]
সেউজ গৃহ পৰিঘটনা ৰোধৰ উপায়[উৎস সম্পাদনা]
- CFC আৰু জীৱাষ্ম ইন্ধনৰ ব্যৱহাৰ কমাব লাগে।
- শক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত কাৰ্য্যদক্ষতা বৃদ্ধি কৰা নৱীকৰণযোগ্য শক্তি সম্পদ ব্যৱহাৰ কৰিব লাগে।
- বিদ্যুত উৎপাদনৰ বাবে পাৰমাণবিক বিদ্যুত প্ৰকল্প স্থাপন কৰিব লাগে।
- কয়লা ব্যৱহাৰতকৈ প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰিব লাগে।
- বহনক্ষম কৃষিকৰ্মৰ প্ৰতি মনযোগ দিব লাগে।
- জনসংখ্যা বৃদ্ধি ৰোধ কৰিব লাগে।
- বেছি সংখ্যক গছ-গছনি ৰোপণ কৰিব লাগে।
- জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব লাগে।
- সেউজ গৃহ গেছ সমূহৰ উৎপাদন হ্ৰাস কৰিব লাগে।[1]
গোলকীয় উষ্ণতা বৃদ্ধি::
উষ্ণতা বৃদ্ধিৰ প্ৰাথমিক কাৰকসমূহ[উৎস সম্পাদনা]
বাহ্যিক হেঁচাৰ প্ৰতি জলবায়ু তন্ত্ৰই সঁহাৰি প্ৰদান কৰে। বাহ্যিক হেঁচাই জলবায়ুক হিমাৱস্থা বা উষ্ণতা বৃদ্ধিৰ দিশে "ঠেলি দিব" পাৰে। এনে বাহ্যিক কাৰকৰ উদাহৰণ হ’ল বায়ুমণ্ডলীয় সংযুতিৰ পৰিৱৰ্তন (যেনে, সেউজ গৃহ গেছৰ ঘনত্বৰ বৃদ্ধি), সৌৰ দীপ্তি, আগ্নেয় উদ্গীৰণ আৰু সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ কক্ষপথৰ পৰিৱৰ্তন আদি।
সেউজ গৃহ গেছসমূহ[উৎস সম্পাদনা]
সেউজ গৃহ প্ৰভাৱ হ'ল কোনো গ্ৰহৰ বায়ুমণ্ডলৰ গেছৰ দ্বাৰা অৱলোহিত ৰশ্মিৰ শোষণ আৰু বিকিৰণ প্ৰক্ৰিয়া যিয়ে ইয়াত তলৰ আৰু পৃষ্ঠভাগ গৰম কৰি ৰাখে। এই তত্ত্বটো প্ৰথমে যোছেফ ফুৰিয়াৰে ১৮২৪ চনত আগবঢ়াইছিল, জন টাইণডালে ১৮৬০ চনত আৱিষ্কাৰ কৰিছিল, প্ৰথম অনুসন্ধান কৰিছিল স্ভেণ্টে আৰ্হেনিয়াছে ১৮৯৬ চনত আৰু ১৯৩০ ৰ পৰা ১৯৬০ চনত গে ষ্টেৱাৰ্ট কেলেণ্ডাৰে বিকশিত কৰিছিল। পৃথিৱীত, প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা সেউজ গৃহ গেছসমূহৰ উষ্ণতা বৃদ্ধিৰ ক্ষমতা প্ৰায় ৩৩°C (৫৯°F)। পৃথিৱীৰ বায়ুমণ্ডলৰ অবিহনে, পৃথিৱী পৃষ্ঠৰ উষ্ণতা হিমাৱস্থাতকৈও তলত থাকিলহেঁতেন। প্ৰধান সেউজ গৃহ গেছসমূহ হ'ল জলীয় বাষ্প, যি সেউজ গৃহ প্ৰভাৱৰ প্ৰায় ২৬–৭০% কাৰক; কাৰ্বন ডাই অক্সাইড (CO2), যি ৯–২৬% কাৰক; মিথেন (CH4), যি ৪–৯% কাৰক; আৰু অ'জন (০৩), যি ৩–৭% কাৰক; সেউজ গৃহ গেছৰ দৰেই ডাৱৰেও ডাৱৰৰ মাজেৰে হোৱা বিকিৰণত প্ৰভাৱ পেলাই। উদ্যোগিক নৱজাগৰণৰ পৰাই মানুহৰ কাৰ্যকলাপৰ ফলত বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি হ’বলৈ ধৰিলে, প্ৰধানকৈ কাৰ্বন ডাই অক্সাইড, মিথেন, অ'জন, ক্ল'ৰ-ফ্ল'ৰ কাৰ্বন (CFC) আৰু নাইট্ৰাছ অক্সাইডৰ পৰিমাণ অভাৱনীয়ভাৱে বৃদ্ধি পালে। ২০০৭ চনত প্ৰকাশ হোৱা মতে, ১৭৫০ চনৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু মিথেনৰ ঘনত্ব ক্ৰমে ৩৬% আৰু ১৪৮% বৃদ্ধি পাইছে। বৃদ্ধিৰ এই স্তৰ যোৱা ৮,০০,০০০ বছৰৰ যিকোনো সময়তকৈ বেছি। যোৱা ২০ বছৰত মানুহৰ কাৰ্যকলাপৰ ফলত বৃদ্ধি হোৱা কাৰ্বন ডাই অক্সাইডৰ তিনি চতুৰ্থাংশ কেৱল জীৱাশ্ম ইন্ধন দহনৰ ফলতেই উৎপন্ন হৈছে, বাকী অংশ বনাঞ্চল ধংশৰ দৰে কাৰ্যৰ ফলত উৎপন্ন হৈছে। ২০১১ চনত চিমেণ্ট উৎপাদন আৰু গেছ প্ৰজ্বলনকে ধৰি জীৱাশ্ম ইন্ধন দহনৰ ফলত হোৱা আনুমানিক কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন আছিল ৩৪.৮ বিলিয়ন টন (৯.৫ ± ০.৫ PgC),যিটো ১৯৯০ চনতকৈ ৫৪% বেছি। মুঠ কাৰ্বন ডাই অক্সাইড নিৰ্গমনৰ বাবে কয়লা দহন ৪৩%, তেল ৩৪%, গেছ ১৮%, চিমেণ্ট ৪.৯% আৰু গেছ প্ৰজ্বলন ০.৭% জগৰীয়া।
প্ৰদূষক কণিকা আৰু ধোঁৱা[উৎস সম্পাদনা]
গোলকীয় নিষ্প্ৰভতা, পৃথিৱী পৃষ্ঠত প্ৰত্যক্ষ গোলকীয় বিকিৰণ ক্ৰমাগতভাৱে হ্ৰাস পোৱা, ১৯৯০ চনত প্ৰথম দৃষ্টিগোচৰ হৈছিল। এই হ্ৰাস ভৱনৰ প্ৰধান কাৰণ হ'ল আগ্নেয়গিৰিৰ পৰা উৎপন্ন হোৱা কণিকা আৰু মানুহে সৃষ্টি কৰা প্ৰদূষকবোৰ। এইবোৰে সূৰ্যৰ পোহৰৰ প্ৰতিফলন বৃদ্ধি কৰে, ফলত শীতলী ভৱন প্ৰক্ৰিয়াটো প্ৰভাৱিত হয়। জীৱাশ্ম ইন্ধন দহনৰ উৎপাদ সমূহৰ প্ৰভাৱ – CO2 আৰু বায়বীয় ডাৱৰসমূহ– শেহতীয়া দশকবোৰত প্ৰায় সমান্তৰালভাৱে বৃদ্ধি পাইছে, গতিকে মিথেনৰ দৰে গেছৰ বৃদ্ধিৰ ফলত সামগ্ৰিক উষ্ণতা বৃদ্ধি পাইছে। কণিকাসমূহৰ ফলত উদ্ভৱ হোৱা এই তেজষ্ক্ৰিয় হেঁচাৰ প্ৰভাৱ সীমিত কিয়নো এই কণাবোৰৰ অৱক্ষেপন ঘটে বাবে ইহঁতৰ বায়ুমণ্ডলীয় জীৱন কাল প্ৰায় এসপ্তাহ মানহে। কাৰ্বন ডাই অক্সাইডবোৰ শতিকা ধৰি বায়ুমণ্ডলত থাকে, গতিকে এই কণাবোৰৰ ঘনত্বতকৈ জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণ কাৰ্বন ডাই অক্সাইডহে। গোলকীয় উষ্ণতা বৃদ্ধিত কাৰ্বন ডাই অক্সাইডৰ পাছতেই অৰিহনা যোগোৱা কণাবোৰ হ'ল ক'লা কাৰ্বন (ছাই)। সৌৰ বিকিৰণৰ বিচ্ছুৰণ আৰু শোষণৰ ফলত হোৱা প্ৰত্যক্ষ প্ৰভাৱৰ উপৰিও এই কণাবোৰ পৃথিৱীৰ বিকিৰণৰ ওপৰতো পৰোক্ষ প্ৰভাৱ পেলায়। ছালফেটবোৰ অত্যধিক আৰু ক্ষুদ্ৰ টোপালৰ ডাৱৰলৈ ঘনীভূত হয়। কম আৰু ডাঙৰ টোপাল যুক্ত ডাৱৰকৈ এনে ডাৱৰে বেছিকৈ সৌৰ বিকিৰণ প্ৰতিফলিত কৰে, ইয়াক টৌমি প্ৰভাৱ (Twomey effect) বোলে। এই প্ৰভাৱে টোপালবোৰৰ আকাৰ আৰু অধিক সুষম কৰি তোলে, যাৰ ফলত বৰষুণৰ টোপাল গঠনত বাধা প্ৰাপ্ত হয় আৰু ডাৱৰবোৰে অধিক হাৰত সূৰ্যৰ পোহৰ প্ৰতিফলন কৰে, যাক এলব্ৰেক প্ৰভাৱ (Albrecht effect) বুলি কোৱা হয়। সাগৰীয় স্তৰীভূত ডাৱৰত (stratiform cloud) পৰোক্ষ প্ৰভাৱ বেছিকৈ পৰিলক্ষিত হয় আৰু সংবহনী ডাৱৰত (convective cloud) অতি কম তেজষ্ক্ৰিয় প্ৰভাৱ থাকে। কণিকাসমূহৰ এই পৰোক্ষ প্ৰভাৱক এটা বৃহৎ তেজষ্ক্ৰিয় হেঁচাৰ সূচক হিচাপে গণ্য কৰা হয়।
বায়বীয় নে অৱক্ষেপিত তাৰ ওপৰত নিৰ্ভৰ কৰি ধোঁৱাই পৃষ্ঠখন গৰম বা ঠাণ্ডা কৰি তুলিব পাৰে। বায়ুমণ্ডলীয় ধোঁৱাই সৌৰ বিকিৰণ প্ৰত্যক্ষভাৱে শোষণ কৰে, ফলত বায়ুমণ্ডল তপত হয় আৰু পৃষ্ঠ শীতল হয়। ভাৰতৰ দৰে কিছুমান অঞ্চলত, য’ত মাত্ৰাধিক ধোঁৱা উৎপন্ন হয়, সেউজ গৃহ গেছৰ ফলত হোৱা পৃষ্ঠ উষ্মীভৱনৰ প্ৰায় ৫০% বায়ুমণ্ডলীয় ধূসৰ ডাৱৰে ঢাকি ৰাখে। যেতিয়া অৱক্ষেপন ঘটে, বিশেষকৈ গ্লেচিয়েৰ বা মেৰু অঞ্চলৰ বৰফসমূহত অৱক্ষেপন ঘটিলে, পৃষ্ঠভাগ তপত হৈ পৰে।
সৌৰ ক্ৰিয়া[উৎস সম্পাদনা]
১৯৭৮ চনৰ পৰা, সূৰ্যৰ বিকিৰণবোৰ কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা নিৰীক্ষণ কৰা হৈছে। এনে জোখ-মাখে দেখুৱাইছে যে, ১৯৭৮ চনৰে পৰা সূৰ্যৰ বিকিৰণৰ হাৰ বৃদ্ধি হোৱা নাই, গতিকে ক’ব পাৰি যে, যোৱা তিনিটা দশকৰ উষ্ণতা বৃদ্ধিৰ কাৰক পৃথিৱীত আপতিত হোৱা সূৰ্যৰ শক্তি কেতিযাও নহয়।
শেহতীয়া জলৱায়ু পৰিৱৰ্তনত সূৰ্যৰ ভূমিকা পৰীক্ষা কৰিবলৈ জলবায়ু আৰ্হি ব্যৱহাৰ কৰা হয়। এই আৰ্হিসমূহে কেৱল সূৰ্যৰ বিকিৰণৰ ভিন্নতা আৰু আগ্নেয় ক্ৰিয়াসমূহৰ খতিয়ান হে ৰাখে, যোৱা দশকবোৰত বৃদ্ধি পোৱা উষ্ণতাৰ কাৰণ নিৰ্ধাৰণ কৰিব নোৱাৰে। মানুহ তথা প্ৰাকৃতিক প্ৰভাৱকে ধৰি সকলো গুৰুত্বপূৰ্ণ বাহ্যিক কাৰকৰ প্ৰভাৱত বিংশ শতিকাত নিৰীক্ষণ কৰা উষ্ণতাৰ তাৰতম্য এই আৰ্হিসমূহে প্ৰদৰ্শন কৰিব পাৰে।
সূৰ্যৰ প্ৰভাৱত পৃথিৱীৰ বায়ুমণ্ডলৰ বিভিন্ন স্তৰত হোৱা উষ্ণতাৰ তাৰতম্যৰ পৰা শেহতীয়া জলৱায়ু পৰিৱৰ্তনৰ এটা কাৰক হিচাপে সূৰ্যক গণ্য কৰিব পাৰি। বিভিন্ন আৰ্হি আৰু নিৰিক্ষণসমূহে দেখুৱাইছে যে, সেউজ গৃহ গেছসমূহে বায়ুমণ্ডলৰ নিম্ন স্তৰৰ (টপ'স্ফিয়াৰ) উষ্ণতা বৃদ্ধি কৰে কিন্তু বায়ুমণ্ডলৰ উচ্চ স্তৰ (ষ্ট্ৰেট'স্ফিয়াৰ) শীতল কৰি ৰাখে। ৰাসায়নিক শীতলী কাৰকসমূহৰ দ্বাৰা হোৱা অ'জন স্তৰৰ অৱক্ষয়ৰ বাবেও ষ্ট্ৰেট'স্ফিয়াৰত এটা শক্তিশালী শীতলীকৰণ ক্ৰিয়া সংঘটিত হয়। উষ্ণতা বৃদ্ধিৰ বাবে সূৰ্য দায়ী হোৱা হ'লে, টপ'স্ফিয়াৰ আৰু ষ্ট্ৰেট'স্ফিয়াৰ সকলোতে ইয়াৰ প্ৰভাৱ পৰিলেহেঁতেন।
No comments:
Post a Comment